ওৰাঙত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

ওৰাঙত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ওৰাঙত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

ডিজিটেল সংবাদ,ওৰাংঃ ৰাজ্যৰ বিভিন্ন স্থানত পথ সুৰক্ষা সচেতনতা বিষয়ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য মঙ্গলবাৰে আহি ওৰাঙত উপস্থিত হয়। ওৰাঙৰ লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা বিষয়ক লৈ বক্তব্য প্ৰদান কৰে।

Advertisment

পৰিবহন বিভাগে ওৰাঙৰত আয়োজন কৰা এক কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদগতিৰ কামনাৰে বন্তি প্ৰজ্বলন কৰে আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে পথ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধিৰ বিশেষ প্ৰয়োজন।

এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰা, যানবাহন চলাই থকা অৱস্থাত মোবাইল ফোনৰ ব্যৱহাৰ পৰিহাৰ কৰা, সুৰাসক্ত হৈ গাড়ী চলোৱাৰ পৰা বিৰত থকা, গাড়ী চলাওতে ছীটবেল্ট ব্যৱহাৰ কৰা, দ্ৰুত গতি পৰিহাৰ কৰা আদিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পথ সুৰক্ষা বিষয়ক সচেতনতাই পথ দুৰ্ঘটনা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

পৰিবহন বিভাগে আয়োজন কৰা এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়। পৰিবহন বিভাগে ওৰাঙত আয়োজন কৰা এই অনুষ্ঠানত ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা সম্পাদক কুশল বড়ো উপস্থিত থাকে।

Also Read: গহপুৰৰ ৰাসৰ মঞ্চত শিক্ষয়িত্ৰী মধুস্মিতা বৰাৰ নৃত্য-অভিনয়ে মুগ্ধ কৰিছে দৰ্শকক

road accident