গহপুৰত জাপানীজ এনকেফেলাইটিছ- মেলেৰিয়া ৰোগৰ বিৰুদ্ধে সজাগ হৈছে মেলেৰিয়া বিভাগ

গহপুৰত জাপানীজ এনকেফেলাইটিছ- মেলেৰিয়া ৰোগৰ বিৰুদ্ধে সজাগ হৈছে মেলেৰিয়া বিভাগ

author-image
Asomiya Pratidin
New Update
গহপুৰত জাপানীজ এনকেফেলাইটিছ- মেলেৰিয়া ৰোগৰ বিৰুদ্ধে সজাগ হৈছে মেলেৰিয়া বিভাগ

ডিজিটেল সংবাদ,গহপুৰ : বানপানীৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানী এনকেফেলাইটিছ, মেলেৰিয়া ৰোগ আদি বৃদ্ধি পাইছে। যাৰ ফলত বিভিন্ন লোক ৰোগাক্ৰান্ত হোৱাৰ উপৰি অকাল মৃত্যু পৰ্যন্ত আকোৱালি লৈছে।

Advertisment

বৰ্তমানেও গহপুৰৰ কোনো কোনো অঞ্চল পানীত বুৰ গৈ আছে। সেয়ে উক্ত অঞ্চলত জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া ৰোগ বা বিভিন্ন এনেধৰণৰ ৰোগ নহয় তাৰ প্ৰতি এতিয়া সজাগ হৈছে গহপুৰ মেলেৰিয়া বিভাগ।

শনিবাৰৰ পৰা গহপুৰৰ বিভিন্ন প্ৰান্তত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে মেলেৰিয়া বিভাগে। লগতে সজাগতামূলক অনুষ্ঠানৰো আয়োজন কৰিছে। প্ৰথম পৰ্যায়ত গহপুৰ নগৰৰ ১০ টা ৱাৰ্ডত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা বুলি মেলেৰিয়া বিভাগে জানিবলৈ দিয়ে।

Also Read: তামাৰহাটত মৃতদেহ উদ্ধাৰ

japanese encephalitis gahpur