/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d436a372-68d6-49d6-b9d9-a2379e5209f7/7.jpg)
ডিজিটেল সংবাদ, বাক্সা: ডায়েৰীয়া নিৰ্মূলকৰণ সপ্তাহ উপলক্ষে শনিবাৰে বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হয়। জিলাখনৰ ১নং কাটলিগাঁও অংগনাবাডী কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত সজাগতা সভাত বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মনোজ দাস, এন আৰ এইচ এমৰ ডিপিএম নমল সিংহ গয়াৰী উপস্থিত থাকে। সজাগতামূলক সভাখনত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মনোজ দাসে ডায়েৰীয়াৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
জিলা স্বাস্থ্য বিভাগৰ সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তই আঁত ধৰা সজাগতামূলক সভাখনত কেবাটাও অংগনাবাডী কেন্দ্ৰৰ কৰ্মী, সহায়িকা, শিশুৰ উপৰিও বিভাগীয় কৰ্মচাৰী উপস্থিত আছিল। ইয়াৰ পূৰ্বে বাক্সা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মনোজ দাসে সভাখন শুভ উদ্বোধন কৰে।
Also Read: মহানগৰীত ডকাইটি: গৃহস্থৰ হাত-ভৰি বান্ধি লুটি নিলে সা-সম্পত্তি