বিধায়ক পদ্ম হাজৰিকাক অসম মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান

চতিয়া সমষ্টিৰ কৰ্মৰথী বিধায়ক পদ্ম হাজৰিকাক ৰাজ্যজুৰি কৃষি বিপ্লৱৰ সূচনা কৰাৰ বাবে অসম মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান কৰা

author-image
Asomiya Pratidin
New Update
বিধায়ক পদ্ম হাজৰিকাক অসম  মানৱ অধিকাৰ বিশেষ বঁটা  প্ৰদান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ কৰ্মৰথী বিধায়ক পদ্ম হাজৰিকাক ৰাজ্যজুৰি কৃষি বিপ্লৱৰ সূচনা কৰাৰ বাবে অসম মানৱ অধিকাৰ বিশেষ বঁটা প্ৰদান কৰা হয়। গুৱাহাটীৰ বিশ্বৰত্ন হোটেলৰ সভাকক্ষত দেওবাৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ' অসমৰ ৰাজ্যিক মানৱ অধিকাৰ সন্মিলনখনিতে এই বঁটা প্ৰদান কৰা হয় ।

Advertisment

এই সন্মিলনত ভৰলীপৰিয়া কন্যকা বহুমুখী পাম আৰু গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ কৃষি কৰ্মৰ জৰিয়তে নিৱনুৱা সকলক স্ব-নিৰ্ভৰশীলতাৰ পথ দেখুৱাই এক নিদৰ্শন দাঙি ধৰাৰ কথা সদৰি কৰে। বিধায়ক গৰাকীয়ে তেওঁলৈ আগবঢ়োৱা বঁটাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি উদ্যোক্তা সকলৰ প্ৰতি ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে৷

অসমৰ মহিলা সৱলীকৰণত আৰ্থিক ভাৱে সহায় কৰা বন্ধন বেংকৰ কলকাতাস্থিত মাণ্ডলিক শাখাৰ জ্যেষ্ঠ উপদেষ্টা তথা মুখ্য মাণ্ডলিক বিষয়া সুৰজিত ৰয় চৌধুৰীৰ লগতে, প্ৰাক্তন আই ,পি এচ ভায়লেট বৰুৱা, বিশিষ্ট লেখক অধ্যাপক ড° মাধুৰ্য্য মণ্ডিত বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বস্তি বিধান বৰুৱাকো বঁটা আগবঢ়োৱা হ'য়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিমন্ত্ৰণ ব্যুৰ' অসমৰ এই সন্মিলনখনিত সংস্থাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডা°ৰন্ধীৰ কুমাৰৰ উপৰিও দিলীপ পাটনি, সন্তোষ কানুক, শীতল সোমানীকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় বিষববীয়া উপস্থিত থাকে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিমন্ত্ৰণ ব্যুৰ' অসমৰ বিগত দিনৰ কৰ্মৰাজিক সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনসাধাৰণৰ কাষলৈ আগবঢ়াই নিয়াত সহায় কৰি অহা নদুৱাৰ প্ৰেছক্লাৱৰ সভাপতি আনোৱাৰ আহমেদ আৰু সম্পাদক হিৰন্য বৰাকো অনুষ্ঠানটিত সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

Also Read: মাহ মাহ ধৰি চুটিত শিক্ষক-শিক্ষয়িত্ৰী: প্ৰধান শিক্ষকে কিশোৰীক দিলে শিক্ষাদানৰ দায়িত্ব...

padma hazarika