নগাঁৱৰ ২১১খন বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদান

নগাঁৱৰ ২১১খন বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদান

author-image
asomiyapratidin
New Update
নগাঁৱৰ  ২১১খন বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদান

ডিজিটেল সংবাদ , নগাঁও : বিদ্যালয়ৰ সু পৰিচালনাৰ বাবে নগাঁও জিলাৰ ২১১খন বিদ্যালয়ৰ পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা প্ৰদান কৰা হয় ৷ অসম সৰ্বশিক্ষা অভিযান মিছন নগাঁৱৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বিদ্যালয় সমূহৰ পৰিচালনা সমিতি সমূহক বঁটা প্ৰদান কৰা হয়।

বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ ২৯খন বিদ্যালয় পৰিচালনা সমিতিক,জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ ২৭খন বিদ্যালয় পৰিচালনা সমিতিক,কলিয়াবৰৰ ১৮খন পৰিচালনা সমিতি,কপিলীৰ ২৭খন পৰিচালনা সমিতি,কঠিয়াতলীৰ ২৯খন পৰিচালনা সমিতি,লাওখোৱাৰ ২৫খন পৰিচালনা সমিতি,ৰূপহীৰ ২৬খন পৰিচালনা সমিতি,খাগৰিজানৰ ২৩খন পৰিচালনা সমিতি আৰু নগাঁও আৰৱান প্ৰাথমিক শিক্ষা খণ্ডৰ সাত খন বিদ্যালয় পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাত বিশিষ্টঅতিথি হিচাপে উপস্হিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিমৰীয়া কলেজৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকা।অনুস্থানত জিলা উপায়ুক্তৰ লগতে জিলা শিক্ষা বিভাগৰ বিষয়া সকলে অংশগ্ৰহণ কৰে।

আৰু পঢ়ক: বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ পৰ্যালোচনা বৈঠকঃ কাজিৰঙাৰ দুখন ৰিজ'ৰ্টত ব্যাপক প্ৰস্তুতি…

nagaon assam