বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ পৰ্যালোচনা বৈঠকঃ কাজিৰঙাৰ দুখন ৰিজ’ৰ্টত ব্যাপক প্ৰস্তুতি…

বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ পৰ্যালোচনা বৈঠকঃ কাজিৰঙাৰ দুখন ৰিজ’ৰ্টত ব্যাপক প্ৰস্তুতি…

ডিজিটেল ডেস্কঃ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হ'ব এক বিশেষ পৰ্যালোচনা বৈঠক। কাজিৰঙাত অনুষ্ঠিত হ'ব এই বিশেষ পৰ্যালোচনা বৈঠক। ইয়াৰ বাবে কাজিৰঙাত চলিছে ব্যাপক প্ৰস্তুতি।

৫ আৰু ৬ মে'ত অনুষ্ঠিত হ'ব এই পৰ্যালোচনা বৈঠক। কাজিৰঙাৰ দুটাকৈ অতিথিশাকাত সেই উপলক্ষে অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী। কাজিৰঙাৰ বৰগছ আৰু মাণ্ডু ৰিজৰ্টত এই বৈঠকক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলিছে।

এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সাংসদসকল, আটাইকেইজন মন্ত্ৰী তথা বিধায়ক। ইয়াৰ উপৰিও বৈঠকত কাৰ্বি আংলঙৰ কাৰ্যবাহী বিষয়াৰ লগতে বহু কেইজন শীৰ্ষ বিষয়া উপস্থিত থাকিব।

পৰ্যালোচনা বৈঠকৰ লগত সংগতি ৰাখি ৫ মে' বৃহস্পতিবাৰে নিশা মাণ্ডু ৰিৰ্জটত এক সাংস্কৃতিক কাৰ্যসূচীৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে আছে নৈশ ভোজৰ ব্যৱস্থা। আনহাতে কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টৰ সভাকক্ষত মূল পৰ্যালোচনা সভা আয়োজন হ'ব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in