মহেন্দ্ৰ হাজৰিকালৈ ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

মহেন্দ্ৰ হাজৰিকালৈ ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

ডিজিটেল সংবাদ,মৰিয়নি: বিপ্লৱী চেতনাৰে উদ্বুদ্ধ স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ হকে অসম আৰু অসীয়াক আজীৱন কন্ঠ আৰু সৃষ্টিৰাজীৰে অনূপ্ৰাণিত কৰি অহা জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা । ভূপেন্দ্ৰ সংগীতৰ ধাৰাক নিজৰ স্বকীয় আৰু বলিষ্ঠ কন্ঠেৰে নৱ প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰি জনপ্ৰিয় কৰাত অহোপুৰুষাৰ্থ কৰি অহা জনতাৰ শিল্পী গৰাকীলৈ চেলেংহাটৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমনন্বয় বঁটা ২০২৩ প্ৰদান কৰিব।

উল্লেখ্য যে, সুধাকন্ঠৰ মৃত্যু দিনটোক 'উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আস্থাৰ দিন' ৰূপে পালন কৰি অহা লগতে প্ৰতিবছৰে এই অনুষ্ঠানটোৱে ভূপেন্দ্ৰ সংগীতৰ একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে। কথাৰ চন্দেৰে, ঠিকনা বিহীন, দূৰনিত বাজিছে কিনো শিঙা পেঁপা, এইখন দেশতে থাকোনো কেনেকৈ, সুৰেৰে উপচি পৰা দিচাং মুখৰ নিশাতে, যোৰহাট জুৰনিৰ ঠাই আদি অজস্ৰ জনপ্ৰিয় গীতিৰে স্বদেশ আৰু স্বজাতিক উদ্বুদ্ধ কৰি আহিছে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই।

অহা ৫ নৱেম্বৰত বৰনগঞা গাঁও পুথি ভঁৰাল পেক্ষাগৃহত সুধাকন্ঠৰ মৃত্যুৰ দিনটোত উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আয়োজন কৰা আস্থাৰ দিনৰ অনুষ্ঠানত শিল্পী গৰাকীক এই বঁটা আয়ম্বৰ পূৰ্ণ এক অনুষ্ঠানত প্ৰদান কৰা হ'ব। চেলেংহাটৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত থাকিব নগদ ধনৰ টোপোলা, এখনি প্ৰশস্তি পত্ৰ, সুধাকন্ঠৰ স্মাৰক ৰূপৰ তঁৰা খচিত এটি টুপী লগতে এখন চেলেং চাদৰ।বঁটা প্ৰদান কৰিব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত সচিব কমলজ্যোতি গগৈয়ে।

আস্থাৰ দিনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা "সুন্দৰ সূৰ্য ধিয়াই নতুন দিগন্তলৈ" শীৰ্ষক স্মৃতিগ্ৰন্থ খন উন্মোচন কৰিব বিশিষ্ট কবি ৰঞ্জিত গগৈয়ে। আস্থাৰ দিনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত উচ্চ আৰু নিম্ন শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু নিম্ন শাখাত ভূপেন্দ্ৰ সংগীতত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

লগতে অবিভক্ত শিৱসাগৰ জিলাৰ ভিত্তিত নিম্ন শাখাত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজিত কৰা হৈছে। প্ৰতিযোগিতা উদ্ধোধন কৰিব ২০১৯ চনত সুধা কন্ঠ সমন্বয় বঁটা প্ৰাপক বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথে। প্ৰতিযোগী সকলে সবিশেষ জানিবলৈ ৬০০০৬৮৬০২৬, ৯৬১৩৫৪৮১০৪ ভ্ৰাম্যভাষ নম্বৰত যোগাযোগ কৰিব পাৰিব। 

মহেন্দ্ৰ হাজৰিকালৈ ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা
মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in