জ্যোতি বৰগোহাঁইলৈ অসম লেখিকা সমাজৰ সফল মাতৃ বঁটা

জ্যোতি বৰগোহাঁইলৈ অসম লেখিকা সমাজৰ সফল মাতৃ বঁটা

ডিজিটেল ডেস্কঃ ৩ মে' ২০২৩ তাৰিখে গুগল মিটৰ জৰিয়তে অসম লেখিকা সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ এখন সভা অনুষ্ঠিত হয়। লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

সভাৰ অনুমোদন ক্ৰমে অসম লেখিকা সমাজে ২০২৩ বৰ্ষৰ স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি সফল মাতৃ বঁটা ঘোষণা কৰে। ডিব্ৰুগড় নিবাসী সাহিত্যিক, সমাজকৰ্মী তথা তিনিগৰাকী সুযোগ্য সন্তানৰ মাতৃ জ্যোতি বৰগোহাঁইলৈ এই বঁটা আগবঢ়োৱা হৈছে। বঁটাৰ ন্যাস দাতা অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ।

উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ নাৰীদিৱসৰ অনুষ্ঠানত প্ৰয়াত গান্ধাৰী গগৈক অসম লেখিকা সমাজে স্নেহময়ী উপাধিৰে বিভূষিতা কৰিছিল। পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ সহযোগত অসম লেখিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত অহা ১৪ মে' ২০২৩ তাৰিখে অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক মাতৃদিৱসৰ দিনা শ্ৰীযুতা বৰগোহাঁইক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিব।

অসম লেখিকা সমাজে ২০২২ বৰ্ষৰ সফলমাতৃ বঁটা প্ৰদান কৰিছিল গুৱাহাটী নিবাসী শ্ৰীযুতা আৰতি বৰুৱাক।এটা প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰাই এই কথা সদৰি কৰে।

জ্যোতি বৰগোহাঁইলৈ অসম লেখিকা সমাজৰ সফল মাতৃ বঁটা
''শাৰদ পাৱাৰৰ সভাপতি পদ ত্যাগ কৰাৰ পৰা ভাষণলৈকে, সকলো আছিল পৰিকল্পনা''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in