/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/59b1f3e3-aee7-4b2a-978d-aa9e8218ae88/AP_FOR_WEB_sarad.jpg)
ডিজিটেল ডেস্কঃ এন চি পিৰ সভাপতি শাৰদ পাৱৰে সভাপতি পদত্যাগ কৰাৰ ঘোষণা কৰাৰ পাছতেই দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল। বিশেষকৈ বিৰোধী দল সমূহৰ আগত বিপদ আহি পৰাৰ দৰে হৈছিল। অৱশ্যে শাৰদ পাৱৰে তেওঁৰ সিন্ধান্তল পুনৰ বিচাৰ কৰি ল'ব বুলি কৈছে।
ইয়াৰ পাছতেই শাৰদ পাৱাৰৰ এই পদক্ষেপক এক পৰিকল্পনা বুলি অভিহিত কৰে শিৱসেনাৰ মুখপাত্ৰই। লগতে কয় যে পদত্যাগ ঘোষণা কৰাৰ সময়ত কি ভাষণ দিব সেয়া তেওঁ পূৰ্বতে প্ৰস্তুত কৰি লৈছিল।
শিৱসেনাৰ মুখপাত্ৰই কয় যে, শাৰদ পাৱাৰে মহাৰাষ্ট্ৰ দিৱস ১ মে'ৰ দিনা অৱসৰ ঘোষণা কৰাৰ কথা আছিল। কিন্তু বঞ্চিত বহুজন আঘাধীৰ বৈঠকৰ বাবে তেওঁ ২ মে'ত এই ঘোষণা কৰে।
লগতে কয় যে, শৰদ পাৱাৰে পদত্যাগ কৰাৰ পিছত তেওঁক সৈমান কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। দলটোৰ একাংশ লোক বিজেপিৰ পিনে ঢাল খাব যেন লাগি আছিল। এনে সময়ত তেওঁ দলটো বিভক্ত হোৱা দেখাৰ পৰিৱৰ্তে মৰ্যদা সহকাৰে পদত্যাগ কৰাৰ সিদ্ধান্ত ল'ব পাৰে।
উল্লেখ্য যে, শাৰদ পাৱাৰৰ ঘোষণাৰ পাছতেই তেওঁ ভতিজাক অজিত পাৱাৰৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন হৈছিল। একাংশৰ মতে অজিত পাৱাৰে বিজেপিৰ লগত হাত মিলোৱাৰ কথা আছিল। আৰু অজিত পাৱাৰৰ পক্ষত বহু বিধায়ক আছিল। তদুপৰি এন চি পিৰ জ্যেষ্ঠ নেতা সকল ইডিৰ কবলত পৰিছিল। যাৰ বাবে দল ভাগ হোৱাৰ পূৰ্বে শাৰদ পাৱৰে এনে সিদ্ধান্ত গ্ৰহণ কৰে বুলি একাংশই কয়।
Also Read: বুদ্ধ পূৰ্ণিমা আৰু বছৰটোৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ কেতিয়া? জানক সৱিশেষ...