সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ "অক্ষয় সাধক" উপাধি

ছয়দুৱাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ১৭/১৮ বছৰ বয়সীয়া কেইগৰাকীমান উদ্যমী ছাত্রই ২০১৭ চনত এক মহৎ উদ্দেশ্যৰে গঢ়ি তুলিছিল "নিৰপেক্ষ গহপুৰ" নামৰ ডিজিটেল মাধ্যম।
সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ "অক্ষয় সাধক" উপাধি

ডিজিটেল সংবাদ, ছয়দুৱাৰ: ছয়দুৱাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ১৭/১৮ বছৰ বয়সীয়া কেইগৰাকীমান উদ্যমী ছাত্রই ২০১৭ চনত এক মহৎ উদ্দেশ্যৰে গঢ়ি তুলিছিল "নিৰপেক্ষ গহপুৰ" নামৰ ডিজিটেল মাধ্যম। "নিৰপেক্ষ গহপুৰ" সাফল্যৰে পাঁচটা বছৰ অতিক্ৰম কৰি ষষ্ঠ বৰ্ষত খোজ পেলোৱাৰ উপলক্ষে দেওবাৰে "নিৰপেক্ষ গহপুৰ"ৰ ষষ্ঠ বাৰ্ষিক অনুষ্ঠানৰ লগতে কেলেণ্ডাৰ উন্মোচন, বঁটা প্ৰদান,উপাধি প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত আজি দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই। তেওঁ কয় যে "নিৰপেক্ষ গহপুৰ"এ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে গহপুৰৰ বিভিন্ন সমস্যা, অভাৱ-অভিযোগ আদি সবল ৰূপত উপস্থাপন কৰি আহিছে।বিভিন্ন সময়ত আৰ্তজনক সহায় কৰাৰ উপৰিও উঠি অহা প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে নিৰপেক্ষ গহপুৰে এখন মঞ্চ দিয়াৰ এক প্ৰয়াস কৰি অহাৰ কথা উল্লেখ কৰি বিধায়ক উৎপল বৰাই অনুষ্ঠানটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে।

নিৰপেক্ষ গহপুৰৰ তত্বাৱধায়ক অভিজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত বিধায়ক উৎপল বৰাই লগতে আৰু কয় যে সংবাদ মাধ্যমৰ গঠনমূলক সমালোচনাই সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে যথেষ্ট পৰিবৰ্তন সাধন কৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত। নিৰপেক্ষ গহপুৰৰ প্ৰতিষ্ঠাপক প্ৰশাসক পৰাশ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: অঞ্জন কুমাৰ ওজাই কয় যে নিৰপেক্ষ গহপুৰৰ প্ৰতিটো অনুষ্ঠানত তেওঁ তেওঁৰ নিজৰ প্ৰতিচ্ছবি দেখা পায়। কাৰণ ১৬/১৭ বছৰ বয়সত তেওঁৱো চতিয়াত জন্ম দিছিল "ইস্তান্টিক" নামৰ এটি সামাজিক অনুষ্ঠানৰ।

কম বয়সতে সামাজিক দায়িত্ববোধ ডাঙি ধৰি নিৰপেক্ষ গহপুৰ নামৰ ডিজিটেল প্লেটফৰ্মখন গঢ়ি তোলা পৰাশ শইকীয়া, হেমন্ত বৰুৱা, অভিজিত বৰা,বিপ্লৱ নেওগৰ সাহসী পদক্ষেপক ভাষণৰ জৰিয়তে শলাগ লয় ড: অঞ্জন কুমাৰ ওজাই। নিৰপেক্ষ গহপুৰৰ সঞ্চালক বিপ্লৱ নেওগে নিৰপেক্ষ গহপুৰৰ অৱলোকন পাঠ কৰি অনুষ্ঠানটোৱে কৰি অহা কাম সমূহৰ খাতিয়ান ডাঙি ধৰে।

নিৰপেক্ষ গহপুৰৰ পৰিচালন সঞ্চালক হেমন্ত বৰুৱাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত "নিৰপেক্ষ গহপুৰ"ৰ ২০২৩ বৰ্ষৰ কেলেণ্ডাৰ উন্মোচন কৰে বিধায়ক উৎপল বৰাই।উক্ত অনুষ্ঠানত নিৰপেক্ষ গহপুৰে প্ৰতিবছৰে প্ৰদান কৰি অহা ছহিদ কনকলতা বৰুৱা-মুকুন্দ কাকতি বঁটা এইবাৰ প্ৰদান কৰা হয় ডুবিয়া বড়িগাঁৱৰ প্ৰতিভাৱান চাইকেলিইষ্ট চয়নিকা গগৈক।চাইকেলিঙৰ জৰিয়তে গহপুৰৰ নাম সমগ্ৰ বিশ্বতে জিলিকাই তোলা মৃদুল গগৈ আৰু পবিত্ৰা দিহিঙীয়াৰ জীয়াৰী চয়নিকা গগৈয়ে ৰাজহুৱা ভাবে উক্ত বঁটা আজি গ্ৰহণ কৰি গৌৰৱবোধ কৰে।

তদুপৰি এইবছৰৰ পৰা উপাধি প্ৰদানৰ দৰে এক মহৎ কাৰ্য্যসূচী হাতত লোৱা নিৰপেক্ষ গহপুৰে এইবাৰ গহপুৰৰ যুৱ সাংবাদিক, কবি, সাহিত্যিক, লেখক বিপুল কুমাৰ দিহিঙীয়াক প্ৰদান কৰে "অক্ষয় সাধক" উপাধি। অসমৰ কাব্য, সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা সেৱাৰ বাবে বিপুল কুমাৰ দিহিঙীয়াক উক্ত উপাধি প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানত গহপুৰৰ বিভিন্ন ক্ষেত্ৰলৈ সেৱা আগবঢ়াই অহা বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে নিৰপেক্ষ গহপুৰে।

আৰু পঢ়ক: অকলশৰীয়া মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰেমিক নিজাম আলীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in