'অসমীয়া প্ৰতিদিন'ৰ চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকনলৈ যুৱ সাংবাদিকতা বঁটা

ডিব্ৰুগড় জিলাৰ অন্যতম সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ বঁটা প্ৰদান অনুষ্ঠান ২৪ ডিচেম্বৰত অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
'অসমীয়া প্ৰতিদিন'ৰ চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকনলৈ যুৱ সাংবাদিকতা বঁটা

ডিজিটেল সংবাদ,চাবুৱা: ডিব্ৰুগড় জিলাৰ অন্যতম সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ বঁটা প্ৰদান অনুষ্ঠান ২৪ ডিচেম্বৰত অনুষ্ঠিত হয় । দুলীয়াজানৰ পুৰণি বাছ আস্থানস্থিত মিডিয়া চেণ্টাৰত সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ উদ্যোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত 'অসমীয়া প্ৰতিদিন' আৰু 'প্ৰতিদিন টাইম'ৰ চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকনক প্ৰদীপ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ।

Advertisment

বঁটা বিতৰণ অনুষ্ঠানটিৰ উদ্বোধন কৰে দুলীয়াজানৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোক বিকাশ গগৈয়ে । অনুষ্ঠানটিত 'অসম আদিত্য' কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাই নিদিষ্ট বক্তা হিচাপে নিজৰ ভাষণ প্ৰদান কৰে । সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ সভাপতি জয়ন্ত ভূঞাই আতঁৰাই অনুষ্ঠানটিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিক অমল কুমাৰ হৰ' সামাজিক দায়বদ্ধতা বঁটা,বুদ্ধেশ্বৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঁই আৰু 'অসমীয়া প্ৰতিদিন' আৰু 'প্ৰতিদিন টাইম'ৰ চাবুৱাৰ সাংবাদিক বিশ্বজিৎ ফুকনক প্ৰদীপ গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ।

তদুপৰি চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে সেৱা আগবঢ়াই অহা অইল ইণ্ডিয়া লিমিটেডৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ নিৰোজ কুমাৰ দাস¸ সাংবাদিক ব্ৰজেন গগৈ¸ শিক্ষাৰ ক্ষেত্ৰত ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বড়া¸ সাংস্কৃতিক ক্ষেত্ৰত নামৰূপৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী দীনেশ সোণোৱাল¸ কৃতী শিক্ষাৰ্থীৰ শিতানত পৰিক্ষিত শইকীয়া¸ শিশু প্ৰতিভাৰ ক্ষেত্ৰত আয়ুস্মান শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ লগতে কেইবাটাও জাতীয় দল-সংগঠনৰ বিষয়-ববীয়া উপস্থিত থকা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই জ্যেষ্ঠ সাংবাদিক জিতুল দত্তই।

আৰু পঢ়ক: মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান...

assam chabua