বৰমাত বড়ো চলচিত্ৰৰ চতুৰ্থ বাৰ্ষিক পুৰস্কাৰ বিতৰণ অনুষ্ঠান

বাক্সা জিলাৰ বৰমাত বুধবাৰে অনুষ্ঠিত হয় বড়ো চলচিত্ৰৰ চতুৰ্থ বাৰ্ষিক পুৰস্কাৰ বিতৰণ অনুষ্ঠান ৷

author-image
Asomiya Pratidin
New Update
বৰমাত বড়ো চলচিত্ৰৰ চতুৰ্থ বাৰ্ষিক পুৰস্কাৰ বিতৰণ অনুষ্ঠান

ডিজিটেল সংবাদ, বৰমাঃ বাক্সা জিলাৰ বৰমাত বুধবাৰে অনুষ্ঠিত হয় বড়ো চলচিত্ৰৰ চতুৰ্থ বাৰ্ষিক পুৰস্কাৰ বিতৰণ অনুষ্ঠান ৷ দুপৰীয়া ১ বজাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত “চলচিত্ৰ নিৰ্মান আৰু ইয়াৰ গুৰুত্ব’’ অনুষ্ঠানত উপস্থিত থাকি পদ্মভূষণ পুৰস্কাৰ প্ৰাপ্ত জাহ্নু বৰুৱাই ভাষণত কয় যে আমাৰ চাৰিওপিনৰ প্ৰচলিত ঘটনা সমুহক লৈ চলচ্চিত্ৰ আকাৰত কৰিব লাগে ৷ নিজৰ ঠাইক বিশ্বৰ দৰবাৰত লৈ যাব পাৰে চলচিত্ৰ নিৰ্মাতা সকলে ৷

Advertisment

চলচিত্ৰ নিৰ্মাতা সকলে কেতিয়াও ভাগৰি যাব নালাগে ৷ বড়ো চলচিত্ৰ নিৰ্মাতা সকলে যদি তেওঁৰ পৰা সহায় বিচাৰে তেতিয়াহলে জাহ্নু বৰুৱাই সহায় কৰাৰো আশ্বাস দিয়ে। আলোচনা চক্ৰখন সঞ্চালনা কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি তথা বিকেডাব্লিওএচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ’ পি নাৰ্জাৰীয়ে ৷ ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় সৰু পৰ্দাত উজলি উঠা লিটিল মাষ্টৰ নৱজিৎ নাৰ্জাৰীক মানপত্ৰৰ লগতে আৰণাই আৰু চেৰ্জাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

পুৱা বড়ো চিনে আৰ্টিষ্ট এছোচিয়েচন (বিচা) সভাপতি নেৰছোন বড়োৱে পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে বড়ো চলচ্চিত্ৰ এতিয়াও চালুকীয়া অৱস্থাত আছে ৷ বড়ো চলচিত্ৰ চোৱাৰ বাবে এতিয়াও ভাল সু বেৱস্থা নাই ৷ বড়ো সকলৰ কাৰণে এতিয়াও প্ৰচাৰৰ কোনো সুবিধা নাই ৷ তেওঁ লগতে কয় যে বড়ো চলচিত্ৰ নিৰ্মাতা সকলক চৰকাৰে আৰ্থিক সাহায়্য আগবঢ়ালে হয়তো কিছু উৎসাহ পাব ৷ আজিৰ অনুষ্ঠানত বড়ো চলচিত্ৰ আলোচনী “ বড়ো চাওথুন মুলুগ“ উন্মোচন কৰে কেন্দ্ৰীয় ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷

ইয়াৰ পিছতেই ২০২২ বৰ্ষৰ উৎকৃষ্ট চলচিত্ৰ বটা প্ৰদান কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে বৰমা সমষ্টিৰ বিধায়ক ভুপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, কোকলাবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ মন্তু বড়ো লগতে ভালেমান বড়ো চলচিত্ৰৰ কলা কুশলী অংশগ্ৰহণ কৰে ৷ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।

আৰু পঢ়ক: ধৈৰ্যৰ আঁৰত আছে এখন সুন্দৰ পৃথিৱী...

assam baksa award