বিশিষ্ট কবি দিলীপ ফুকনলৈ ড০ ধ্ৰুৱজ্যেতি বৰা সাহিত্য পুৰস্কাৰ

সত্তৰ দশকৰ পৰা লোকজীৱনৰ লগত সংপৃক্ত হৈ কাব্যচৰ্চা অব্যাহত ৰখা বোকাখাতৰ বিশিষ্ট কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ আগবঢ়োৱা হৈছে ড০ ধ্ৰুৱজ্যেতি বৰা সাহিত্য পুৰস্কাৰ ২০২২।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট কবি দিলীপ ফুকনলৈ ড০ ধ্ৰুৱজ্যেতি বৰা সাহিত্য পুৰস্কাৰ

ডিজিটেল সংবাদ, বোকাখাতঃ সত্তৰ দশকৰ পৰা লোকজীৱনৰ লগত সংপৃক্ত হৈ কাব্যচৰ্চা অব্যাহত ৰখা বোকাখাতৰ বিশিষ্ট কবি-ঔপন্যাসিক দিলীপ ফুকনলৈ আগবঢ়োৱা হৈছে ড০ ধ্ৰুৱজ্যেতি বৰা সাহিত্য পুৰস্কাৰ ২০২২। দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই পুৰস্কাৰ নৰ্থ ইষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰদান কৰা হয়।

Advertisment

বিশিষ্ট সাহিত্যিক ড০ ধ্ৰুৱজ্যেতি বৰা, সমালোচক অৰিন্দম বৰকটকী, কবি আনিছ উছ জামান, বিশিষ্ট সাংবাদিক নিত্য বৰাকে আদি কৰি ভালেসংখ্যক সাহিত্য অনুৰাগী উপস্থিত থকা অনুষ্ঠানটোত কবি দিলীপ ফুকনৰ কবিতাৰ ওপৰত এক মননশীল আলোচনা আগবঢ়াই জ্যোতি খাটনীয়াৰে।

আলোচনা প্ৰসংগত জ্যোতি খাটনীয়াৰে কয়, জনজীৱনৰ পৰা কেতিয়াও আঁতৰি নাথাকি কাব্যচৰ্চা কৰি থকাৰ বাবেই দিলীপ ফুকনৰ কবিতা এতিয়াও মানুহৰ কবিতা হৈ আছে। লগতে তেওঁ কয় লোকজীৱনৰ অকৃত্ৰিম মাত-কথাই কবি দিলীপ ফুকনৰ কবিতাৰ প্ৰধান উপজীব্য, লোকজীৱনৰ পৰা আঁতৰি থকা হ'লে কবি গৰাকীয়ে ইমানদিন কবিতা লিখি থাকিব নোৱাৰিলেহেতেন।

সাহিত্য পুৰস্কাৰটিত এটি স্মাৰক আৰু সম্বৰ্দ্ধনা পত্ৰ, চেলেং চাদৰ আৰু নগদ পঞ্চাছ হাজাৰ টকা কবিগৰাকীক প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে একেটা অনুষ্ঠানতে গল্পকাৰ অনামিকা বৰালৈও আগবঢ়োৱা হয় 'ড০ ধ্ৰুৱজ্যেতি বৰা সাহিত্য পুৰস্কাৰ ২০২৩'। গল্পকাৰ গৰাকীৰ গ'ল্পৰ ওপৰত এক বস্তুনিষ্ঠ আলোচনা আগবঢ়াই বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়।

Also Read: লামডিঙত ৰ'ড আণ্ডাৰ ব্ৰিজৰ উদ্বোধন মোডীৰ

bokakhat