/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/atulananda.jpg)
ডিজিটেল ডেস্ক: বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান। বুধবাৰে পুৱতি নিশা প্ৰায় ৪.৪০ মিনিটত জিএম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে। মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ।
কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল অতুলানন্দ গোস্বামী। ১৯৩৫ চনত জন্মগ্রহণ 'নামঘৰীয়া'ৰ স্রষ্টা অতুলানন্দ গোস্বামীৰ।
অসমীয়া সাহিত্যত গল্পকাৰ, ঔপন্যাসিক, অনুবাদক হিচাপে পৰিচিত গোস্বামীদেৱৰ 'হামদৈ পুলৰ জোন', 'চেনেহ জৰীৰ গাঁথি''ৰাজপাট', 'পলাতক', 'আশ্রয় আদি অপূৰ্ব সৃষ্টি।
'চেনেহ জৰীৰ গাঁথি'ৰ বাবে ২০০৬ চনত 'সাহিত্য অকাডেমী বঁটা' লাভ কৰিছিল গোস্বামীদেৱে। ২০১৩ চনত লাভ কৰিছিল 'অসম উপত্যকা সাহিত্য বঁটা' ।
'নামঘৰীয়া'ৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা , কুমাৰ কিশোৰ সোঁৱৰণী বঁটা , 'বলিয়া হাতী'ৰ বাবে ১৯৯২ চনত 'কথা' বঁটা লাভ কৰিছিল গোস্বামীয়ে। গোস্বামীৰ দেহাৱসানত ৰাজ্যৰ সাহিত্য জগতত শোকৰ ছাঁ ।
আৰু পঢ়ক: লংকাত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকৰ খুন্দাত নিহত মহিলা…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us