বান্দৰদেৱাত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ বিভাগত চলিছে কেৱল ভেকোঁভাওনা

বিহপুৰীয়া বিধানসভা সমষ্টিৰ বান্দৰদেৱাত পশুধনৰ চিকিৎসাৰ নামত চলিছে কেৱল ভেকোঁভাওনা। ক'ৰবাত যদি চিকিৎসালয় আছে চিকিৎসক নাই।

author-image
Asomiya Pratidin
New Update
বান্দৰদেৱাত অভিভাৱক মন্ত্ৰী অতুল বৰাৰ বিভাগত চলিছে কেৱল ভেকোঁভাওনা

ডিজিটেল সংবাদ,বান্দৰদেৱা; বিহপুৰীয়া বিধানসভা সমষ্টিৰ বান্দৰদেৱাত পশুধনৰ চিকিৎসাৰ নামত চলিছে কেৱল ভেকোঁভাওনা। ক'ৰবাত যদি চিকিৎসালয় আছে চিকিৎসক নাই। ক'ৰবাত আকৌ চিকিৎসালয়ৰ নামত আছে হাবি জংঘলেৰে আবৰি থকা জৰাজীৰ্ণ এটা চিকিৎসা কেন্দ্ৰহে।

Advertisment

বান্দৰদেৱাৰ সমীপৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী পশু চিকিৎসা কেন্দ্ৰৰ সাম্প্ৰতিক অৱস্থা এক প্ৰকাৰ তথৈবচ। বিভাগীয় কৰ্ত্তৃপক্ষৰ চুড়ান্ত অৱহেলাৰ পৰিনতিত সম্প্ৰতি জহিখহি ভূতবাংলালৈহে পৰ্যবসিত হৈছে এই চিকিৎসা কেন্দ্ৰটো । দৰবৰ নামত ফুটাকৰি এটাও পাবলৈ নাই চিকিৎসা কেন্দ্ৰটোত ।

ফলত চিকিৎসা সেৱাৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ কুৰি খনৰো অধিক গাঁৱৰ ৰাইজ । পশু ধনৰ সামান্য অসুখ হলেই অঞ্চলটোৰ লোক সকলে গাঁঠিৰ ধন ভাঙি চিকিৎসা কৰাব লগা হয় । বিগত সময়ছোৱাত বৃহত্তৰ অঞ্চলটোত বহু সংখ্যক পশুধন চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰিব লগা হৈছে ।

সম্প্ৰতি মৃতপ্ৰায় অৱস্থাত থকা পশু চিকিৎসা কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰি তুলিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনৰ প্ৰতি আহ্বান জনাইছে অঞ্চলটোৰ দুৰ্ভগীয়া লোক সকলে । ইফালে কেন্দ্ৰটোত নিয়োজিত ভেটেনেৰী ফিল্ড এচিচটেন্ট জনৰো অস্তিত্ব বিচাৰি পাবলৈ সক্ষম নহয় স্থানীয় ৰাইজ।

আৰু পঢ়ক: পৰাজয়ৰ পাছতো আপে লাভ কৰিব ৰাষ্ট্ৰীয় দলৰ মৰ্যদা...

assam bihpuria