গান্ধী বস্তিত চাঞ্চল্য! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক

বুধবাৰে নিশাৰ ভাগত মহানগৰীৰ গান্ধীবস্তিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে কাটি পেলাই থৈ যায় এজন লোকে।

author-image
Asomiya Pratidin
New Update
গান্ধী বস্তিত চাঞ্চল্য! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক

ডিজিটেল ডেস্কঃ বুধবাৰে নিশাৰ ভাগত মহানগৰীৰ গান্ধীবস্তিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে কাটি পেলাই থৈ যায় এজন লোকে।

Advertisment

ইব্ৰাহিম নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে এতিয়াও স্পষ্ট হোৱা নাই। যুৱতী গৰাকীৰ নাম চাবিৰা বেগম ।

ঘটনাৰ পাছতেই জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে যুৱতী গৰাকীক। বৰ্তমান চিকিৎসাধীন হৈ আছে ভুক্তভোগী যুৱতীগৰাকী। আনহাতে ঘটনাস্থলীত চানমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

স্থানীয় লোকে জনোৱা অনুসৰি যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ।

Also Read: গুৱাহাটী আইআইটিৰ ছাত্ৰই ল'লে চৰম সিদ্ধান্ত

Assam police