বিশ্বনাথত যুৱ ব্যৱসায়ী পাপন পালক হত্যাৰ চেষ্টা দুজন যুৱকৰ

বিশ্বনাথত যুৱ ব্যৱসায়ী পাপন পালক হত্যাৰ চেষ্টা দুজন যুৱকৰ

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত  যুৱ ব্যৱসায়ী পাপন পালক হত্যাৰ চেষ্টা দুজন যুৱকৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰৰ যুৱ ব্যৱসায়ী পাপন পালক যোৱা ১৩ ডিচেম্বৰত দিন দুপৰতে হত্যাৰ চেষ্টা চলাইছিল। বিশ্বনাথ চাৰিআলিৰ দুজন যুৱক মনোজ কুমাৰ বৰা ওৰফে বুবু আৰু জনৈক গাগুৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ। তেওঁলোকে পাপনক ঘৰৰ পৰা ফোন কৰি মাতি নি হত্যাৰ চেষ্টা চলাই দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে। এই অভিযোগ পাপনৰ পিতৃ পুলক পালৰ।

Advertisment

পাপন পালৰ পিতৃয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে ১৩ ডিচেম্বৰত দুপৰীয়াৰ ভাগত বুবুয়ে পাপনক ফোন কৰি ঘৰৰপৰা মাতি নিছিল। তাৰ কিছু সময়ৰ পাছতে সেৰেঙা জনবসতি থকা বিশ্বনাথ নগৰৰ কিছু নিলগৰ হাইদাবাৰি নামৰ ঠাইত পাপনক দুই যুৱকে উপৰ্যুপৰি মাৰপিত কৰি হত্যাৰ চেষ্টা চলায়।

কিন্তু পাপন পালৰ মৰণকাতৰ চিঞৰত দুই এক লোকৰ সমাগম ঘটাত সংকটজনক অৱস্থাত হত্যাৰ চেষ্টা কৰা দুই যুৱকে বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। দুৰ্ঘটনা হোৱা বুলি যুৱকেই ভৰ্তি কৰোৱাৰ লগতে পাপনৰ পৰিয়ালকো খবৰ দিয়ে দুয়ো।

প্ৰথমে পাপনৰ পৰিয়ালে দুৰ্ঘটনা বুলিয়েই ভাৱিছিল। পাপনৰ অৱস্থা সংকটজনক হোৱাত তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। তেজপুৰত পাপনে কিছু পৰিমাণে সংজ্ঞান ঘূৰাই পাই পৰিয়ালৰ লোকক মনোজ কুমাৰ বৰা ওৰফে বুবু আৰু জনৈক গাগুৱে হত্যাৰ চেষ্টা চলাই মাৰপিট কৰাৰ কথা পৰিয়ালক অৱগত কৰে।

বৰ্তমান পাপন পাল নামৰ যুৱ ব্যৱসায়ী গৰাকী গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।পাপনৰ পিতৃয়ে বিশ্বনাথ আৰক্ষী অতি সোনকালেই অপৰাধীক গ্ৰেপ্তাৰ কৰি এই ঘটনাৰ তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

বৰ্তমান সময়লৈকে এই ঘটনাৰ দুই অভিযুক্তক বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিৱলৈ সক্ষম হোৱা নাই।

Also Read: কাজিৰঙাত পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধনেশ পক্ষী

Assam police