বিৰোধী দলৰ ওপৰত আক্ৰমণ, বুদ্ধিজীৱীৰ বিৰুদ্ধে ভীতি প্ৰদৰ্শন হ'ল স্বৈৰাচাৰী শাসনৰ উৎকট ৰূপ : কা বিৰোধী সমন্বয় সমিতি, অসম

বিৰোধী দলৰ ওপৰত আক্ৰমণ, বুদ্ধিজীৱীৰ বিৰুদ্ধে ভীতি প্ৰদৰ্শন হ'ল স্বৈৰাচাৰী শাসনৰ উৎকট ৰূপ : কা বিৰোধী সমন্বয় সমিতি, অসম

ডিজিটেল সংবাদ,গুৱাহাটী : কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী-নেতৃত্বাধীন বিজেপি চৰকাৰৰখনে দেশ আৰু জনগণৰ বিৰুদ্ধে কৰা অন্যায়ৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আয়োজন কৰা "ভাৰত জোড়ো ন্যায় যাত্ৰা"ৰ অংশ হিচাপে যোৱা ১৮ জানুৱাৰীৰ পৰা অসমতো ন্যায় যাত্ৰাৰ কৰ্মসূচী আৰম্ভ হৈছে। ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ প্ৰতি ৰাজ্যৰ বাঁও-গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠন আৰু নাগৰিক সংস্থাসমূহৰ উপৰি স্বাধীন মতাৱলম্বী লোক আৰু বিপুল সংখ্যক জনতাই অভূতপূৰ্ব সঁহাৰি প্ৰদৰ্শন কৰিছে। বিভিন্ন স্থানত হাজাৰ হাজাৰ পুৰুষ-মহিলাই স্বতঃস্ফূৰ্তভাৱে যাত্ৰাত চামিল হৈছে।

কিন্তু "কা-বিৰোধী সমন্বয় সমিতি, অসম"- এ গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ প্ৰতি অসমৰ হিমন্ত বিশ্ব শৰ্মা-নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰদৰ্শন কৰা অসহিষ্ণুতা তথা স্বৈৰাচাৰী আচৰণে সকলো সীমা চেৰাই গৈছে। "ভাৰত জোড়ো ন্যায় যাত্ৰা"ৰ প্ৰতি ৰাজ্যৰ জনগণৰ বিপুল উৎসাহ তথা অভূতপূৰ্ব সমৰ্থন দেখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিজেপি দল ক্ষমতা হেৰুৱাৰ ভয়ত শংকিত আৰু হতাশাগ্ৰস্ত হৈ পৰিছে বুলি উল্লেখ কৰে।

সেয়ে ন্যায় যাত্ৰাক বাধা দিয়া আৰু ব্যৰ্থ কৰাৰ বাবে চৰকাৰে লৈছে চৰম স্বৈৰাচাৰী আৰু ঘৃণনীয় পন্থাৰ আশ্ৰয়। প্ৰশাসনিক বাধাৰ উপৰি ন্যায় যাত্ৰা ব্যৰ্থ কৰিবলৈ বিজেপিৰ গুণ্ডা বাহিনীয়ে ৰাজ্যৰ ঠায়ে ঠায়ে জনতাক ভীতি প্ৰদৰ্শন, আক্ৰমণ আৰু দোকান-পাত বন্ধ ৰাখিবলৈও সৰু-সুৰা ব্যৱসায়ীসকলক বাধ্য কৰাইছে বুলি এক বিবৃতিযোগে প্ৰকাশ কৰে।

লগতে কয় যে, ৰাজ্যৰ বহু ঠাইত পুলিচ প্ৰশাসনে বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰি আৰু বিভিন্ন প্ৰকাৰে বিধি-পথালি দি ন্যায় যাত্ৰা ব্যৰ্থ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। প্ৰশাসনিক বাধাৰ উপৰি ন্যায় যাত্ৰা ব্যৰ্থ কৰিবলৈ বিজেপিৰ গুণ্ডা বাহিনীয়ে ৰাজ্যৰ ঠায়ে ঠায়ে জনতাক ভীতি প্ৰদৰ্শন, আক্ৰমণ আৰু দোকান-পাত বন্ধ ৰাখিবলৈও সৰু-সুৰা ব্যৱসায়ীসকলক বাধ্য কৰাইছে।

আটাইতকৈ জঘন্য ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত। 'ন্যায় যাত্ৰা'ক বাধা দিবলৈ গৈ চতিয়া-জামুগুৰি অঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা জয়ৰাম ৰমেশক শাৰীৰিকভাৱে আক্ৰমণ তথা আহত কৰা জঘন্য ঘটনাৰ মাজেৰে অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক ইতিহাসত নতুন কলংক ৰচনা কৰা হৈছে।

কা-বিৰোধী সমন্বয় সমিতিয়ে এই আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায়। ৰাজ্যত বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ বাবে বিজেপি চৰকাৰখনে গণতন্ত্ৰ, নাগৰিক স্বাধীনতা, সংবিধান সকলোবোৰ ধ্বংস কৰি স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত কৰিছে বুলি সমিতিয়ে দৃঢ় মত প্ৰকাশ কৰে।

লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অহৰ্নিশে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই থকাৰ উপৰি আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰি লৈছে বাঁওপন্থী শক্তিবোৰক আৰু স্বাধীন মতাৱলম্বী বিশিষ্ট বুদ্ধিজীৱী আৰু চিন্তাবিদসকলক। হিমন্ত বিশ্ব শৰ্মাই কা-বিৰোধী আন্দোলনৰ অন্যতম হোতা তথা বিশিষ্ট সমাজবিজ্ঞানী ড° হীৰেন গোহাঁইৰ পাণ্ডিত্য তথা ব্যুৎপত্তিক অশালীন ভাষাত তুচ্ছ-তাচ্ছিল্য কৰিয়েই ক্ষান্ত থকা নাই, ড° গোহাঁইৰ বৌদ্ধিক প্ৰতিভা তথা সৃষ্টিশীল কৰ্মৰাজিকো আনৰ পৰা নকল কৰা বুলি কোৱাৰ ঔৰ্দ্ধত্য দেখুৱাই মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদাক বহু তলৰ স্তৰলৈ অৱনমিত কৰিছে।

শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা স্বাধীনচিতীয়া লেখক-চিন্তাবিদ ড° অখিল ৰঞ্জন দত্তক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু নিজৰ সাংবিধানিক মৰ্যদা তথা ক্ষমতা চেৰাই গৈ অধ্যাপক দত্তৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা ল'বলৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি প্ৰকাশ। দৰাচলতে স্ব-শাসিত অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালক উপেক্ষা কৰি উপাচাৰ্যক নিৰ্দেশ দিয়াৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই।

তদুপৰি বিশ্ববিদ্যালয়ৰ শিক্ষকসকল কোনো চৰকাৰী বিষয়া নহয় যে, তেওঁলোক মুখ্যমন্ত্ৰীৰ প্ৰিয়ভাজন হৈ থাকিব লাগিব আৰু স্বাধীন মত প্ৰকাশৰ স্বাধীনতাৰ পৰা বঞ্চিত হ'ব। শিক্ষকসকলৰ অনুশাসন বিশ্ববিদ্যালয়ৰ আইনৰ অধীন, কিন্তু অসম চৰকাৰৰ অসামৰিক সেৱা (আচৰণ) বিধিৰ অধীন নহয়।

অথচ মুখ্যমন্ত্ৰী শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰ কৰি স্বৈৰতান্ত্ৰিক আচৰণ আৰম্ভ কৰিছে। কাৰ বিৰোধী সমন্বয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ এনে স্বৈৰাচাৰৰ তীব্ৰ নিন্দা আৰু প্ৰতিবাদ কৰিছে। অসমত গণতান্ত্ৰিক অধিকাৰ আৰু নাগৰিক স্বাধীনতা সুনিশ্চিত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ ৰাজ্যৰ সকলো অংশৰ গণতন্ত্ৰপ্ৰেমী জনসাধাৰণৰ প্ৰতিও সমিতিয়ে আহ্বান জনায়।

বিৰোধী দলৰ ওপৰত আক্ৰমণ, বুদ্ধিজীৱীৰ বিৰুদ্ধে ভীতি প্ৰদৰ্শন হ'ল স্বৈৰাচাৰী শাসনৰ উৎকট ৰূপ : কা বিৰোধী সমন্বয় সমিতি, অসম
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ ধৰ্মীয় অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in