ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ ধৰ্মীয় অনুষ্ঠান

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ ধৰ্মীয় অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ ধৰ্মীয় অনুষ্ঠান

ডিজিটেল সংবাদ,চিমেন চাপৰি : অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে চিমেন চাপৰিৰ বিভিন্ন মঠ-মন্দিৰ,নামঘৰ,ধৰ্মীয় অনুষ্ঠানত পূজা অৰ্চনা,বন্তি প্ৰজ্বলন কাৰ্য্যসূচী হাতত লয়। বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত এহাজাৰ চাকি জ্বলাই আলোকিত কৰি তোলে পৰিৱেশ।

Advertisment

অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী মিহিনিশ্বৰ বসুমতাৰীয়ে কয়- ভগৱান বিষ্ণুৰ এক অৱতাৰ হিচাপে জনাজাত ৰাম এক ব্যাপক ৰূপত পূজা কৰা হিন্দু দেৱতা। অনুষ্ঠানত এম এ চি'ৰ ই সদস্য মলেন্দ্ৰ নাৰ্জাৰী,সংযুক্ত বড়ো গণমঞ্চৰ ধেমাজি জিলা সভাপতি ৰাতিৰাম বসুমতাৰী, উপ সভাপতি চাঞ্চুমা বসুমতাৰী, দিপাঙ্কৰ নাৰ্জাৰী প্ৰমুখ্যে বড়ো জাতীয় সংগঠনৰ বহু কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

আনহাতে চিমেন চাপৰি আঞ্চলিক বৰনামঘৰ,চিমেন চাপৰি অঞ্চলৰ বিভিন্ন গাঁৱৰ নামঘৰ, ধৰ্মীয় অনুষ্ঠানত পূজা-অৰ্চনা,সন্ধিয়া চাকি বন্তি জ্বলাই আনন্দ উল্লাহ কৰা পৰিলক্ষিত হয়।

Also Read: ৰঙিয়াত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় উদ্বোধন সভাপতি লুৰীণজ্যোতি গগৈৰ

Cimen sapari ram mandir