ন্যায় যাত্ৰাৰ ওপৰত হিন্দুত্ববাদীৰ আক্ৰমণঃ ৰাইজৰ দল

ন্যায় যাত্ৰাৰ ওপৰত হিন্দুত্ববাদীৰ আক্ৰমণঃ ৰাইজৰ দল

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত হিন্দুত্ববাদী দুষ্কৃতিকাৰীৰ আক্ৰমণক তীব্র গৰিহণা দিছে ৰাইজৰ দলে। ৰাহুল গান্ধীৰ সমদলক বাধা প্ৰদান কৰা, সমদলৰ ওপৰত আক্রমণ আৰু প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক শাৰিৰীকভাবে নিগ্রহ কৰা ঘটনাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কার্যকৰী সভাপতিদ্বয় ভাস্কো ডি শইকীয়া আৰু কৱীন্দ্র চেতিয়া ফুকনে গভীৰ উদ্বেগ প্রকাশ কৰে। ৰাইজৰ দলৰ নেতৃবর্গই কয় যে এয়া গণতন্ত্ৰৰ ওপৰত আক্রমণ। এয়া হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ জংঘলৰাজ আৰু হিটলাৰীৰাজৰ নিকৃষ্ট উদাহৰণ। এয়া কোনোপধ্যে মানি ল'ব নোৱাৰি। এনে ফেচিবাদ কেৱল নিন্দাৰ যোগ্যই নহয় এনে ফেচিবাদক আমি ঘৃণাৰে ওপচাই পেলাব লাগে আৰু অসমৰ জনগণে এই ফেচিবাদীহঁতক ৰাজনৈতিকভাবে বিদায় দিব লাগে।

আনহাতে জামুগুৰিহাটত ভাৰতৰ প্রাক্তন কেন্দ্রীয় মন্ত্রী জয়ৰাম ৰমেশৰ বাহনক আগুচি ধৰি তেওঁৰ বাহনৰ ওপৰত বিজেপি দলৰ কর্মকর্তাই বিজেপিৰ ফ্লেগ লৈ আক্ৰমণ কৰা ঘটনাকো ৰাইজৰ দলে তীব্র নিন্দা কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত হোৱা আক্রমণত ৰাইজৰ দলে নিন্দা কৰি এই ঘটনাৰ তাৎক্ষণিক তদন্তৰ দাবী জনাইছে। সকলো দুষ্কৃতিকাৰীকে তাৎক্ষণিকভাৱে গ্রেপ্তাৰ কৰিবলৈ আৰু জেললৈ প্ৰেৰণ কৰিবলৈ ৰাইজৰ দলে দাবী জনাইছে। অসমৰ মুখ্যমন্ত্ৰীজনৰ সামান্যতমো যদি লজ্জা আছে এই ঘটনাৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজক আৰু ভৱিষ্যতে অসমৰ ৰাজনৈতিক জীৱনত কেতিয়াও এনেকুৱা ঘটনা ঘটিবলৈ নিদিয়ে বুলি ৰাজহুৱাকৈ প্রতিশ্রুতি দিয়ক বুলি ৰাইজৰ দলৰ বিবৃতিটোত কোৱা হৈছে। এই ভয়ংকৰ ঘটনাৰ তদন্ত কৰি দোষীসকলক কঠোৰতম শাস্তি নিবিহিলে এয়া হ'ব অসমৰ ৰাজনৈতিক জীৱনৰ এটা ক'লা দিন। তাকে নকৰিলে মুখ্যমন্ত্রীজনৰ প্রত্যক্ষ পৃষ্ঠপোষকতাতেই এই নির্লজ্জ আক্ৰমণৰ ঘটনা বিলাক সংঘটিত হৈছে বুলি বুজিবলৈ কাৰো বাকী নাথাকিব।

ন্যায় যাত্ৰাৰ ওপৰত হিন্দুত্ববাদীৰ আক্ৰমণঃ ৰাইজৰ দল
ৰাইডঙীয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in