ৰাইডঙীয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

 ৰাইডঙীয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৯৯৮ চনতে নগাঁও জিলাৰ সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়া প্ৰতিষ্ঠা হৈছিল। গৌৰৱোজ্জ্বল ২৭ বছৰ উপলক্ষে শিক্ষানুষ্ঠান খনিৰ ৰবিবাৰে প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে নিকেতনৰ আচাৰ্য-আচাৰ্যা, ছাত্ৰ ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ বিষয় ববীয়া, প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সদস্য, অতিথি সকলৰ উপস্থিতিত পুৱাৰে পৰা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়।

পুৱা পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি নৱকমল ৰাজাই। পাছত ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্যা সকলে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই। দুপৰীয়া অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কিৰণ কুমাৰ হাজৰিকাই।

আজি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই "নিকেতন খনৰ পৰিচালনা সমিতি, আচাৰ্য আচাৰ্যা সকলৰ লগত সদায় সহযোগীতা ৰাখিম। আমি সকলোৱে মিলি নিকেতনৰ সমস্যা সমূহৰ সমাধান কৰি নিকেতন খনৰ সৰ্বাঙ্গীন উন্নতি কৰি গঢ়ি তোলা হব।" লগতে আতি কম মাননিৰে অশেষ চেষ্টা আৰু ত্যাগ কৰি শিক্ষাৰ্থী সকলৰ জীৱন গঢ়াৰ বাবে আচাৰ্য আচাৰ্যা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

নৱকমল ৰাজাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অধ্যাপক ড০ অজিত ভৰালীয়ে "মই এসময়ত পাচলি বেপাৰী আছিলোঁ, কিন্তু আজি মই অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ সৌভাগ্য হৈছে, কষ্ট আৰু সাধনাৰ ফলত" বুলি ভাষন প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য পৰাগধৰ শইকীয়া, সমাজকৰ্মী ৰোহিনী বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

 ৰাইডঙীয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস
ৰঙিয়াত ৩০হাজাৰ পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in