ম্যানমাৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ পিপলছ ডিফেন্স ফৰ্চৰ : নিহত প্ৰায় ৪৬ জুন্টা সৈন্য

আক্ৰমণত প্ৰায় ৪৬ জন ম্যানমাৰৰ জুন্টা সৈন্য নিহত হয়
ম্যানমাৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ পিপলছ ডিফেন্স ফৰ্চৰ : নিহত প্ৰায় ৪৬ জুন্টা সৈন্য

ডিজিটেল সংবাদ ,বেকাজানঃ সশস্ত্ৰ সংগঠনৰ আক্ৰমণত নিহত কেইবাগৰাকী ম্যানমাৰ সামৰিক বাহিনীৰ জোৱান। জানিব পৰা মতে, দেশজুৰি পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ) আৰু এটা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনে (ইএঅ’) যোৱা ৩ দিন ধৰি ম্যানমাৰ সামৰিক বাহিনীৰ ওপৰত কৰা আক্ৰমণত প্ৰায় ৪৬ জন ম্যানমাৰৰ জুন্টা সৈন্য নিহত হয় ।

বিশেষকৈ ছাগাইং, মাণ্ডেলাই, মাগৱে, আয়েয়াৰৱাডী, তানিন্থাৰী , মন আৰু শ্বিন ৰাজ্যত এই আক্ৰমণ সংঘটিত হৈছে । মঙলবাৰে ছাগাইং অঞ্চলৰ মিয়াং টাউনশ্বিপত পিপলছ ডিফেন্স ফৰ্চে আক্ৰমণ কৰি জ্যেষ্ঠ সেনা বিষয়াকে ধৰি কমেও ১৯ জন জুন্টা সৈন্য নিহত কৰে ।

মঙলবাৰে সন্ধিয়া ৩ খন গাঁৱৰ মাজত দুঘণ্টা ধৰি তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। য’ত সংযুক্ত প্ৰতিৰোধ গোটে সামৰিক দলটোক দুইফালৰ পৰা বাধা দি আক্ৰমণ কৰে।

উল্লেখযোগ্য যে, ১২ মাৰ্চৰ পৰা সামৰিক বাহিনী দলটোৱে ছাগাইঙৰ মিয়াং টাউনশ্বিপ আৰু মাগৱে অঞ্চলৰ চুবুৰীয়া য়েছাগিঅ’ টাউনশ্বিপৰ গাঁও আৰু পিপলছ ডিফেন্স ফৰ্চৰ ঘাটিত অভিযান চলাইছিল। জুণ্টা সামৰিক বাহিনীৰ এই আক্ৰমণ প্ৰতিহত কৰিবলৈ পিডিএফৰ যৌথ প্ৰতিৰোধ গোটৰ এম্বুছত ২৩ জন জুণ্টা সৈন্যও নিহত হয় ।

বৃহস্পতিবাৰে ছাগাইং অঞ্চলৰ ৱেটলেট টাউনশ্বিপত পিপলছ ডিফেন্স ফৰ্চৰ ঈগল গেৰিলা ফৰ্চে ড্ৰোন ব্যৱহাৰ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচনৰ ওপৰত বোমা নিক্ষেপ কৰাৰ ফলত ম্যানমাৰ সামৰিক বাহিনীৰ এগৰাকী বিষয়া নিহত হোৱাৰ লগতে আন ২ জন আহত হয় ।

ম্যানমাৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ পিপলছ ডিফেন্স ফৰ্চৰ : নিহত প্ৰায় ৪৬ জুন্টা সৈন্য
বিহুৱে গঢ়িব ৰেকৰ্ডঃ গামোচাই পাব সন্মান !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in