বিহুৱে গঢ়িব ৰেকৰ্ডঃ গামোচাই পাব সন্মান !

বিহুৱে গঢ়িব ৰেকৰ্ডঃ গামোচাই পাব সন্মান !

ভাস্কৰ নিলীমা

বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটিমান দিন। বিহু মানেই যেন অসমীয়াৰ মনত পাৰভঙা উৎসাহ-উদ্দীপনা আৰু যে কত ব্যস্ততা। চ'ত মাহত কুলিৰ মাত শুনাৰ পৰাই আৰম্ভ হয় বিভিন্ন ব্যস্ততা।

গাঁৱৰ শিপিনীয়ে যঁতৰত সূতা কটাৰ পৰা আৰম্ভ কৰি তাঁতশালত লগাই একেবাৰে ফুলাম বিহুৱান প্ৰস্তুত কৰালৈ এক দীঘলীয়া ব্যস্ততা। তাৰ মাজতে থাকে আকৌ বিহুক কেন্দ্ৰ কৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ বাবে ব্যস্ততা।

সময়ৰ পাকচক্ৰত গছৰ তলৰ বিহু আহি মঞ্চ পালেহি। কৃষি ভিত্তিক বিহু বহুজাতিক প্ৰতিষ্ঠানৰ ব্যৱসায়ৰ এক মাধ্যমলৈ ৰূপান্তৰ হ'ল। কুলিৰ আগমণে নহয়, বহুজাতিক প্ৰতিষ্ঠানৰ অ'ফাৰে হে এতিয়া বিহুৰ বতৰা আনিবলৈ ধৰিলে।

কৃষি পথাৰ এৰি হিতাধিকাৰী হোৱা অসমীয়াই কৃত্ৰিমতাৰ মাজেৰেই বিহুক জীয়াই ৰখাৰ চেষ্টা কৰিছে। আহোমসকলৰ পৃষ্ঠপোষকতাত বিহুৱে এক নতুন মাত্ৰা লাভ কৰিছিল। সেই বিহুকেই আকৌ স্বাধীনোত্তৰ ভাৰতত ১৯৫২ ত মঞ্চলৈ তুলি আনিছিল গুণাভিৰাম বৰুৱা, লক্ষ্যধৰ চৌধুৰী, ৰাধাগোবিন্দ বৰুৱা আদিয়ে।

সেই  মঞ্চ বিহুক লৈ এতিয়া নানান বিতৰ্ক। তাৰ মাজতো বিহুৱ স্বকীয় বৈশিষ্ট জীয়াই ৰাখিবলৈ অসমৰ স্থান ভেদে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তথাপিও অভিযোগ অনুসৰি, প্ৰতিযোগিতাই বিহুৰ প্ৰকৃত মাদকতা হ্ৰাস কৰিলে। বিকৃত কৰিলে কৌটিকলীয়া অসমীয়াৰ এই স্বাভিমান।

তাৰ মাজতো বিহু অসমীয়াৰ পৰিচয় হৈ আছে। বিহুক বিশ্ব দৰবৰালৈ লৈ যোৱাৰ চেষ্টা অব্যাহত আছে। বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ চলেৰে অসম, অসমীয়াক বিশ্বত নতুন পৰিচয়ৰে উদ্ভাসিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। তাৰেই অংশ হিচাপে বিহুক বিশ্বত নতুনকৈ চিনাকী কৰাই দিয়াৰ উদ্দেশ্যৰে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বিহুক গীনিজ ৱৰ্ল্ড ৰেকৰ্ড বুকত অন্তৰ্ভূক্ত কৰাৰ প্ৰয়াস চলিছে। ইয়াৰ বাবে বাজেটত ধন নিৰ্ধাৰণ কৰা হৈছে। ১৪ এপ্ৰিলত বিহুক গীনিজ বুকত স্থান দিয়াৰ প্ৰচেষ্টা চলাব।

যাৰ বাবে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বিহুৰ আখৰা চলিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰায় ১১ হাজাৰ নাচনী-বিহুৱাই একে সময়তে বিহু নাচি বিশ্ব ৰেকৰ্ড গঢ়িব। এই অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

অনুষ্ঠানত উপস্থিত থকাৰ কথা সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল। ইয়াৰ বাবে কেবিনেট মন্ত্ৰীসকলক দায়িত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাবলৈ দিল্লীত উপস্থিত হৈছেগৈ।

বিহুক গীনিজ বুকত স্থান দিয়াৰ বাবে চৰকাৰী উদ্যোগত যি প্ৰচেষ্টা চলিছে তাৰ অংশ স্বৰূপে ৰাজ্যৰ সৰ্বত্ৰে আখৰা চলিছে। গীনিজ বুকত স্থান দিয়াৰ এই প্ৰচেষ্টাৰ বহু পূৰ্বৰে পৰা অৱশ্যে ৰাজ্যত বিহুৰ কৰ্মশালাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে।

চ'ত মাহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে বিহুৰ কৰ্মশালা। নতুন প্ৰজন্মক বিহুৰ সৈতে চিনাকী কৰাই দিয়াই এই পদক্ষেপ ফলপ্ৰসু হিচাপে চিহ্নিত হৈছে। যাৰ বাবে বিহুক নতুন প্ৰজন্মই সঠিকভাৱেই আকোৱালি লৈছে।

সদৌ অসম ছাত্ৰ সন্থা, অন্যান্য বিভিন্ন সংগঠন, স্থানীয় বিহু কমিটী, শিক্ষানুষ্ঠান আদিয়ে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰি বিহুক সঠিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই নিয়াত মুখ্য ভূমিকা লৈছে।

কিন্তু বহু ক্ষেত্ৰত এনে কৰ্মশালাত নিয়োগ কৰা প্ৰশিক্ষকৰ বিহু সম্পৰ্কে থকা জ্ঞানক লৈয়ো প্ৰশ্ন উত্থাপন হৈ আহিছে। বিহুনৃত্য, বিহুনামক আধুনিকীকৰণৰ নামত একাংশই বিকৃত কৰাৰ অভিযোগ নতুন নহয়। সেই বিকৃত ৰূপকেই যদি নতুন প্ৰজন্মৰ মাজলৈ বিয়পাই দিয়া হয় তেন্তে বিহুনাম, বিহুনৃত্যৰ প্ৰকৃত মাদকতা নাশ হ'ব। এয়া হ'ব অসমীয়া সংস্কৃতিৰ বাবেই অভিশাপ।

সেয়েহে দল, সংগঠন তথা বিহু সমিতি আদিয়ে কৰ্মশালাত প্ৰশিক্ষণৰ বাবে নিয়োগ কৰা লোকসকলৰ যাতে বিহু সম্পৰ্কে শুদ্ধ আৰু প্ৰকৃত জ্ঞান থাকে সেই বিষয়ত গুৰুত্ব দিয়া উচিত। বিহুৰ প্ৰাকক্ষণত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা আছিল পাৱাৰলুমৰ গামোচা নিষিদ্ধকৰণ। এই ঘোষণা  অসমীয়া সমাজৰ বাবে নিশ্চয় এক আশাৰ খবৰ।

অসমীয়া শিপিনীয়ে তাঁতশালত নিজেই প্ৰস্তুত কৰা ফুলাম বিহুৱানখন গুজৰাটী বেপাৰীৰ মেচিনত তৈয়াৰ হোৱা গামোচাৰে তুলনা নহয়। অসমীয়া শিপিনীয়ে প্ৰস্তুত কৰা গামোচাত থাকে আন্তৰিকতা, আৱেগ, অনুভূতি আৰু ভালপোৱা। সেই গামোচা হাতত ল'লেই চিনাকী গোন্ধ এটাই দেহ আলোৰিত কৰি তোলে। কিন্তু এই চেনেহৰ গামোচাখনতো বহিৰাগত বেপাৰীৰ চকু পৰিল।

অসমীয়া জাতিৰ কৰ্ম বিমুখীতাৰ সুযোগ গ্ৰহণ কৰি পাৱাৰলুমৰ গামোচাৰে বজাৰ ভৰাই পেলোৱা হ'ল। ফলস্বৰূপে বজাৰত অসমীয়া শিপিনীৰ গামোচাৰ পৰিৱৰ্তে বহিঃৰাজ্যৰ মেচিনৰ সস্তীয়া গামোচা উভৈনদী হৈ পৰিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই  অসমীয়া শিপিনীক লাভাম্বিত কৰাই নহয় অসমীয়া স্বাভিমান গামোচাকেই সুৰক্ষিত কৰিছে । কিন্তু পৰিতাপৰ কথাটো হ'ল আজিও বজাৰত উপলব্ধ হৈ আছে পাৱাৰলুমৰ গামোচা।

এতিয়াও ব্যাপক হাৰত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলা নাই। বিধানসভাতেই উন্মোচিত হৈছে সেই কথা। খোদ মন্ত্ৰীয়ে কৈছে কোনবোৰ গামোচা বহিঃৰাজ্যত মেচিনত তৈয়াৰ হৈ অহা আৰু কোনবোৰ গামোচা অসমত স্থানীয়ভাৱে উৎপাদন কৰা সেই বিষয়ে পৰীক্ষা কৰিবলৈ নাই সুব্যৱস্থা।  বহিঃৰাজ্যৰ গামোচা পৰীক্ষাৰ বাবে ৰাজ্যত কোনো পৰীক্ষাগাৰ নাই।

বিধানসভাত ইউ জি ব্ৰহ্মই এক প্ৰশ্নৰ উত্তৰত কৈছে, কোনবোৰ গামোচা পাৱাৰলুমৰ  আৰু কোনবোৰ স্থানীয় শিপিনীয়ে তৈয়াৰ কৰা সেয়া পৰীক্ষা কৰিবলৈ কলিকতাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিবলগীয়া হয়। কিন্তু কলিকতাৰ পৰীক্ষাগাৰৰ পৰা কোনো প্ৰতিবেদন লাভ নকৰে। যাৰ বাবে গামোচা পৰীক্ষাৰ ক্ষেত্ৰত বিভাগে স্থানীয় বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

বিহুৱে গঢ়িব ৰেকৰ্ডঃ গামোচাই পাব সন্মান !
দোষী ৰাহুলঃ বিজেপিলৈ কিয় এই অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in