/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0f9660a8-5c03-47f9-854c-ffe9ccea7d97/atsa_27.jpg)
আটছা নেতা বিচু তাঁতীক সংগঠনটোৰ পৰা নিলম্বন...
ডিজিটেল ডেস্কঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰিয় সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কলিয়াবৰ জিলা সমিতিৰ সম্পাদকক নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে।
প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি কেন্দ্ৰিয় সমিতিৰ নিৰ্দেশ অৱমাননা তথা কেন্দ্ৰিয় সভাপতি, সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অপপ্ৰচাৰ চলাই অহাৰ অভিযোগত আটছা কলিয়াবৰ শাখাৰ সম্পাদক বিচু তাঁতীক সম্পাদক পদৰ পৰা ততকালীন ভাৱে কাৰ্যকৰি হোৱা কৈ আৰু কেন্দ্ৰীয় সমিতিৰ পৰৱৰ্তী সিদ্ধান্ত নোহোৱা পৰ্যন্ত দায়িত্বৰ পৰা অপসাৰণ কৰা হয়।
ইয়াৰ উপৰিও বিবৃতিটোত কোৱা হৈছে, কলিয়াবৰ শাখাৰ সহকাৰী সম্পাদক প্ৰেম চাহুক ভাৰপ্ৰাপ্ত সম্পাদক ৰূপে দায়িত্ব চলাই যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই নিৰ্দেশনা পিছতে বিচু তাঁতী আটছাৰ কোনো সভা, সমিতি বা অনুষ্ঠানত থাকিব নোৱাৰিব।
Also Read: হাতত জুইশিখা লৈ কাজিৰঙাত 'আল্ট্ৰা ৰাণ- ২০২৩' মুকলি জুবিনৰ...