জামুগুৰিহাটত “ফুল তৰা গান ভাল লাগে” শীৰ্ষক গীতৰ শুভ উন্মোচন...

জামুগুৰিহাটত “ফুল তৰা গান ভাল লাগে” শীৰ্ষক গীতৰ শুভ উন্মোচন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত “ফুল তৰা গান ভাল লাগে” শীৰ্ষক গীতৰ শুভ উন্মোচন...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত শনিবাৰে সন্ধিয়া “ফুল তৰা গান ভাল লাগে” নামৰ এটি আধুনিক গীতৰ শুভ উন্মোচন কৰা হয় । গীতটিৰ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কৰবী শইকীয়াই সুৰ আৰু কণ্ঠ দান কৰা গীতটোৰ শুভ উন্মোচন কৰি বিধায়ক পদ্ম হাজৰিকাই কয়, "কৰবী শইকীয়াই জামুগুৰিহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰাত অৰিহণা যোগাই আহিছে ৷ নিষ্ঠা সততাৰে সংগীত সাধনাত ব্যস্ত থকা কৰবী শইকীয়াই বাৰেচহৰীয়া ভাওনাকলৈও ইতিমধ্যে সুন্দৰ গীতৰ উপহাৰ দিছে ৷"

Advertisment

অৱসৰী অধ্যাপক তথা বিশ্বনাথ পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সভা খনত “ফুল তৰা গান ভালে লাগে” গীতৰ ৰচক অৱসৰী অধ্যাপক ইন্দ্ৰ প্ৰসাদ শইকীয়াই জামুগুৰিহাট সংগীত চৰ্চাৰ উৰ্ব্বৰ ভূমি বুলি মন্তব্য কৰে ৷ সভাত জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে ৷

Also Read: তামুলপুৰত বানৰ পাছত এইবাৰ গৰাখহনীয়া, সুঁতি সলনি পাগলাদিয়াৰ...

song release