অসমত আছে ৩,৯৪,৩৭১ টা ভূমিহীন পৰিয়াল- বিধানসভাত যোগেন মহনৰ তথ্য..

অসমত আছে ৩,৯৪,৩৭১ টা ভূমিহীন পৰিয়াল- বিধানসভাত যোগেন মহনৰ তথ্য..

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰশ্নত্তোৰ কালত বিধায়ক অখিল গগৈয়ে আজি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰে। ভূমি আৱন্টন আৰু ভূমি পট্টা প্ৰদান সম্পৰ্কীয় প্ৰায় ৪টা প্ৰশ্নৰ উত্তৰ দি বিভাগীয় মন্ত্ৰী যোগেন মহনে সদনত দাখিল কৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য।

অসমৰ মুঠ ভূমিহীন পৰিয়ালৰ সংখ্যাৰ সন্দৰ্ভত অখিল গগৈয়ে সোধা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- অসমৰ মুঠ পৰিয়ালৰ ভূমিহীন পৰিয়ালৰ সংখ্যা ৩,৯৪,৩৭১টা। তথ্য অনুসৰি অসমত নিজা মাটি থকা পৰিয়ালৰ সংখ্যা সৰ্বমুঠ ৫২,১০,২১৮ টা। অসম চৰকাৰৰ ভূমিনীতি ২০১৯ অনুসৰি ভূমিহীন পৰিয়ালসমূহক চৰকাৰী ভূমি পৰ্য্যায়ক্রমে পট্টন দিয়াৰ ব্যৱস্থা আছে।

অসমত থকা উপান্ত কৃষক, মধ্য কৃষক আৰু ধনী কৃষকৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তথ্য দাখিল কৰি কয়- কৃষি বিভাগৰ তথ্য অনুসৰি অর্থনীতি আৰু পৰিসংখ্যা বিভাগ, অসমৰ পৰা প্ৰকাশিত কৃষিভিত্তিক লোকপিয়ল অনুসৰি ২০১৫-১৬ বৰ্ষৰ অসমত উপান্ত কৃষক ৬৮.১৩ শতাংশ, ক্ষুদ্র কৃষক ১৮.০৭ শতাংশ, অর্থ মধ্য কৃষক ১০.৭৭ শতাংশ, মধ্য কৃষক ২.৮৯ শতাংশ আৰু ধনী কৃষক ০.১৪ শতাংশ আছে।

অসম কিমানটা পৰিয়ালৰ মাটি ম্যাদী পট্টা আছে? অখিল গগৈৰ এই লিখিত প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে বিভাগীয় মন্ত্ৰী যোগেন মহনে। মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি অসমৰ ম্যাদী পট্টা থকা পৰিয়াল ৪৯,১০,৬১১ , একচনীয়া পট্টা থকা পৰিয়াল ৪,১৩,৭৯৫ , আবণ্টন পট্টা থকা পৰিয়াল মুঠ ১,৯১,০৮৫ আৰু চৰকাৰী ভূমি দখল কৰি থকা পৰিয়ালৰ সংখ্যা সৰ্বমুঠ ৭,১৬,১২২ ।

চৰকাৰী ভূমি দখল কৰি থকা সকলৰ মাটি উচ্ছেদৰ নিয়মৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ তথ্য সদনত দাঙি ধৰে। অসম ভূমি আৰু ৰাজহ অধীনিয়ম ১৮৮৬ ৰ বন্দোবস্তি নিয়ম ১৮ (১), ১৮ (২). ১৮ (৩) অনুসৰি চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰা হয়। চৰকাৰী ভূমিৰ দখলকাৰী ভূমিহীন হ'লে অসম চৰকাৰৰ ভূমিনীতি ২০১৯ ৰ মতে আবন্টন দিয়াৰ ব্যৱস্থা আছে। উচ্ছেদৰ ক্ষেত্ৰত ধর্মীয় বিবেচনাৰ অভিযোগ ভিত্তিহীন।

বিধায়ক অখিল গগৈয়ে সদনত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল যে, ২০১৬ৰ মে মাহৰ পৰা বৰ্তমানলৈ কিমান ভূমিহীন আৰু গৰাখহনীয়াপীড়িত মাটি ম্যাদি পট্টা প্ৰদান কৰিছে চৰকাৰে? এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰত মন্ত্ৰী যোগেন মহনে কয়- অসম চৰকাৰে ২০১৬ চনৰ মে মাহৰ পৰা মাটি প্রদান কৰা ভূমিহীন বা গৰাখহনীয়াপীড়িত ৮২,৪৮৫টা পৰিয়ালক ম্যাদী পট্টা দিয়া হয়। ইয়াৰোপৰি ভূমিহীন বা গৰাখহনীয়াপীড়িত ১,১৫,৮৫১টা পৰিয়ালক আবন্টন পট্টা দিয়া হৈছে।

অসমত আছে ৩,৯৪,৩৭১ টা ভূমিহীন পৰিয়াল- বিধানসভাত যোগেন মহনৰ তথ্য..
সোণ-ৰূপক লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ ৰাজপথত কাজিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in