চাকৰি ঘূৰাই দিয়াৰ দাবী তুলি ASTC ৰ কৰ্মচাৰীৰ প্ৰতিবাদ

চাকৰি ঘূৰাই দিয়াৰ দাবী তুলি ASTC ৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ আজিৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰে পৰিবহন নিগনৰ কৰ্মচাৰীয়ে। তৎক্ষানিত জাননীৰে ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পাছতে বুধবাৰে উত্তপ্ত হৈ পৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ পল্টনবজাৰস্থিত কাৰ্যালয়ৰ চৌহদ। তাৰপাছতে বৃহস্পতিবাৰে কৰ্মবিৰতি ঘোষণা কৰে এ এছ টি চিৰ কৰ্মচাৰী সকলে।

পৰিবহন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে সংঘটিত কৰা কেলেংকাৰীৰ বাবেই এই কৰ্মচাৰী সকলে চাকৰি হেৰুৱাব লগা হয়।

উল্লেখ্য় যে, ২০০৭ চনৰ পৰা ২০১৪ আৰু ২০১৫ চনৰ পৰা ২০২১ চনলৈ বিভিন্ন পৰ্যায়ত পৰিবহন নিগমত নিযুক্তি দিয়া হৈছিল ২,২৭৪ গৰাকী কৰ্মচাৰী। আনন্দ প্ৰকাশ তিৱাৰী পৰিচালন সঞ্চালক হৈ থাকাতে বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই হৈছিল এই নিযুক্তি।

পৰৱৰ্তী সময়ত এই কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছত ৭৭১ জন কৰ্মচাৰীৰ নিযুক্তি অবৈধ বুলি ঘোষণা কৰিছিল তদন্ত সমিতিয়ে। যাৰবাবে ৭৭১ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ বৰ্খাস্তৰ জাননী প্ৰকাশ কৰিছিল কৰ্তৃপক্ষই। কিন্তু ২,২৭৪ জনৰ ৭৭১ জনকহে জাননী জাৰি কৰা বাবে ক্ষুদ্ধ হৈ পৰে কৰ্মচাৰী সকলে আৰু পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ইয়াকলৈয়ে আজিৰে পৰা ৰাজ্যত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিহে কৰ্মচাৰীসকলক চাকৰি ঘূৰাই নিদিয়ে তেন্তে অনিৰ্দিষ্ট কাললৈ এ এছ টি চি বাছ সেৱা বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে।

চাকৰি ঘূৰাই দিয়াৰ দাবী তুলি ASTC ৰ কৰ্মচাৰীৰ প্ৰতিবাদ
দেশৰ জি ডি পি ৭.২ শতাংশলৈ হ্ৰাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in