৬০ ৰানত ৪ টা উইকেট হেৰুওৱা অসমে গঢ়িলে ৪৪৩ ৰান

৬০ ৰানত ৪ টা উইকেট হেৰুওৱা অসমে গঢ়িলে ৪৪৩ ৰান

ডিজিটেল ডেস্ক : ৰঞ্জী ট্ৰ'ফীত অব্যাহত আছে অসমৰ পৰাক্ৰম । দিল্লীৰ বিৰুদ্ধে দলৰ মিডল আৰু টেইল অৰ্ডাৰৰ পৰাক্ৰমী স্থিতিয়ে উভতাই আনিলে খেল খনত জয়ী হোৱাৰ আশা । প্ৰথম ইনিংছত দিল্লীয়ে ১০ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৪৩৯ ৰান । ইয়াৰ পৰিৱৰ্তে অসমে প্ৰথম ইনিংছত ৬০ ৰানৰ বিনিময়ত হেৰুৱাইছিল ৪টা কৈ উইকেট । কেৱল ৬০ ৰানতেই দলৰ শীৰ্ষ অৰ্ডাৰ খহি পৰাত থৰকাছুতি হেৰুৱাইছিল অসমে ।

কিন্তু ইয়াৰ পাছতেই পৰিস্থিতি চম্ভালি লয় দলৰ মিডল আৰু টেইল অৰ্ডাৰে । যাৰ বাবে প্ৰথম ইনিংছৰ শেষত ৯ টা উইকেট হেৰুৱাই অসমে সংগ্ৰহ কৰে ৪৪৩ ৰান । এই প্ৰত্যাৱৰ্তনত দলক সবাতোকৈ বেছি সহায় কৰে দলৰ নিৰ্ভৰযোগ্য বেটছমেন ঋষভ দাসে । ২২৭ টা বলৰ বিনিময়ত বেটছমেন গৰাকীয়ে সংগ্ৰহ কৰে ১৬০ ৰান । ‌‍আনহাতে, দলৰ জ্যেষ্ঠ খেলুৱৈ তথা অলৰাউণ্ডাৰ গকুল শৰ্মাই প্ৰমাণ কৰে অভিজ্ঞতাই খেলুৱৈ এগৰাকীক কিদৰে সহায় কৰিব পাৰে এনেকুৱা চাপৰ পৰিস্থিতিত ।

গকুল শৰ্মাই ২৯৯ টা বলৰ বিনিময়ত সংগ্ৰহ কৰে ১৪০ ৰান । কেৱল এই দুগৰাকী খেলুৱৈৰ বেটৰ পৰাই অহা ৩০০ ৰানে অসমক দিনটোৰ শেষত স্থাপন কৰে এক সন্মানীয় স্থানত । অন্যথা প্ৰথম ইনিংছতেই এক শোচনীয়া পৰিস্থিতিৰ সন্মুখীন হ'ল হৈ অসম । আনহাতে টেইল এণ্ডৰ তাৰকা বলাৰ মুখতাৰ হুছেইনে কেৱল ২ ৰানৰ বাবে সম্পূৰ্ণ কৰিব নোৱাৰিলে অৰ্ধ শতক ।

অৱশ্যে এতিয়াও প্ৰায় ১৫৮ ৰানৰ অগ্ৰগতি লাভ কৰি আছে দিল্লীয়ে । কিন্তু প্ৰথম ইনিংছত অসমৰ এই পৰাক্ৰমে নিশ্চয়কৈ চিন্তিত কৰিব দিল্লীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in