/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cc707c72-77fc-4df7-90fc-2d4106a83018/rhino.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰ বাবে ভাল খবৰ। সমগ্ৰ বিশ্বৰে দৃষ্টি থাকে কাজিৰঙাত। কাজিৰঙাৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। চোৰাং চিকাৰীয়ে সেই এশিঙীয়া গড় হত্যা কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল এদিন। পিছে ভাল খবৰটো হ'ল ২০২২ বৰ্ষত কাজিৰঙাত এটাও গড় হত্যা কৰিব নোৱাৰিলে চোৰাং চিকাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল। তাৰেই ফলশ্ৰুতিত ৰাষ্ট্ৰীয় উদ্যানখনত গড় হত্যাৰ ৰোধ হ'ল।
উল্লেখযোগ্য যে ২০০১ বৰ্ষত কাজিৰঙাত ৮টা গড় চোৰাং চিকাৰীৰ হাতত মৃত্যু হৈছিল। ২০০২ বৰ্ষত ৪টা, ২০০৩ বৰ্ষত ৩টা, ২০০৪ বৰ্ষত ৪টা, ২০০৫ত ৭টা, ২০০৬ত ৫টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল। ২০০৭ বৰ্ষত ১৬টা কৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যদিও তেতিয়াৰ কংগ্ৰেছ চৰকাৰ এই গড় হত্যা প্ৰতিৰোধ কৰাত বিফল হৈছিল। ২০০৮ বৰ্ষত ৬টা, ২০০৯ বৰ্ষত ৬ টা, ২০১০ বৰ্ষত ৫টা, ২০১১ বৰ্ষত ৩টা, ২০১২ বৰ্ষত ১১টা গড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিছিল।
২০১৩ বৰ্ষত ২৭ টা, ২০১৪ বৰ্ষত ২৭টা, ২০১৫ বৰ্ষত ১৭টা, ২০১৬ বৰ্ষত ১৮টা, ২০১৭ বৰ্শত ৬টা গড় কাজিৰঙাত হত্যা কৰিছিল চোৰাং চিকাৰীয়ে। দিছপুৰত বিজেপি শাসনলৈ অহাৰ পাছতেই কাজিৰঙাৰ এই বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছিল।
২০১৮ বৰ্ষত ৬টা, ২০১৯ বৰ্ষত ৩টা, ২০২০ বৰ্ষত ২ টা, ২০২১ত ১টা গড় কাজিৰঙাত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যদিও ২০২২ বৰ্ষত এটাও গড় চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱাৰিলে। নিসন্দেহে এয়া ৰাজ্যবাসী আৰু প্ৰকৃতি প্ৰেমীৰ বাবে সুখবৰ।
আৰু পঢ়ক : যেন এক সেউজীয়া চিত্ৰনাট্য...