যেন এক সেউজীয়া চিত্ৰনাট্য...

যেন এক সেউজীয়া চিত্ৰনাট্য...

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰাত আৰম্ভ হৈছে এক বিপ্লৱ । এই বিপ্লৱৰ চিত্ৰনাট্য হৈছে সেউজীয়া । এই চিত্ৰনাট্যৰ নাট্যকাৰ হৈছে বিভূতি দেৱবাৰ্মা । উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ বিভিন্ন কাৰণবশত: বৃদ্ধি হৈছিল নিৰ্বনীকৰণ প্ৰক্ৰিয়া । আৰু এই নিৰ্বনীকৰণৰ সৈতে যুঁজিবলৈয়ে ত্ৰিপুৰা চৰকাৰৰ সাংস্কৃতিক আৰু সঞ্চালন বিভাগৰ কৰ্মচাৰী তথা চিত্ৰনাট্যকাৰ বিভূতি দেৱবাৰ্মাই বন্যাঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত বিয়পাইছে সজাগতাৰ বাণী ।

নিৰ্বনীকৰণে শেষ কৰি অনা ত্ৰিপুৰাৰ বনাঞ্চল এতিয়া ক্ৰমাৎ কেৱল শুকান ভূমি । আৰু কেৱল নিৰ্বনীকৰণৰ বিৰুদ্ধেই নহয় বৰং পৰিকল্পিতভাৱে কৰা খেতিয়ে কিদৰে বনানীকৰণত সহযোগ কৰিব পাৰে সেই শিক্ষাও প্ৰদান কৰিছে জনজাতীয় লোকসকলক ।

৪৮ বৰ্ষীয় এই বিভূতি দেৱবাৰ্মাই তেখেতৰ বেচৰকাৰী সংস্থা "য়ুথ ফৰ ইন্টিগ্ৰেছন"ৰ জৰিয়তে এনে জনজাতীয় অঞ্চল সমূহত আয়োজন কৰি আহিছে কেম্পৰ । এই কেম্প সমূহৰ সহায়ত বিদেশী সংস্থা সমূহ যি বিগত সময়ছোৱাত পৰিৱেশৰ হকে কাম কৰি আহিছিল তেওঁলোকৰ সৈতে ইতিমধ্যে দুটাকৈ চিনেমা মহোৎসৱো আয়োজন কৰিছে ।

এই সন্দৰ্ভত দেৱবাৰ্মাই দিয়া ভাষ্য অনুসৰি, অৰণ্য একোখন দূৰৈৰ পৰা দেখিবলৈ সেউজীয়া হৈ থাকে, কিন্তু অৰণ্যৰ ভিতৰলৈ প্ৰৱেশ কৰিলেহে উমান পোৱা যায় শেষ হৈ অহা গছ গছনিৰ সংখ্যা । ক্ৰমাৎ হ্ৰাস হৈ অহা সেউজীয়াক বুজিবলৈ আহিব লাগিব অৰণ্যৰ মাজলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in