/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/14c7a72d-7c1b-4c32-8af7-7638863c4f5b/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে আজাদ পুস্তকালয়ত উপস্থিত হয় কবি নীলমণি ফুকনৰ পত্নী দুলুমণি ফুকন। দুলুমণি ফুকনক পুস্তকালয় সমিতিৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। ফুকনীৰ লগতে পুত্ৰ অমিতাভ ফুকন, পুস্তকালয়ৰ জ্যেষ্ঠ সদস্য কালী প্ৰসন্ন বৰুৱা, কবিৰ পৰিয়ালৰ ঘনিষ্ঠ বৃন্দা পেগু, মৃদুষ্মন্ত বৰুৱাকে ধৰি সৃজনম নামৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়-ববীয়া উপস্থিত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fe9e6f49-5714-493e-b615-98b5d7b0d72c/a4f3b40e_7bdc_4bce_939a_d49e4a9e33d1.jpg)
পুস্তকালয়ত উপস্থিত হৈ তেওঁ কয় যে- কবিয়ে জীৱিত কালত পুনৰুজ্জীৱিত হোৱাৰ পাছত আজাদ পুস্তকালয়লৈ আহিবলৈ প্ৰৱল ধাউতি প্ৰকাশ কৰিছিল যদিও সেয়া সম্ভৱ নহ'লগৈ। তেখেতে পুস্তকালয়ত প্ৰৱেশ কৰি সুখী অনুভৱ কৰিছে বুলি মত ব্যক্ত কৰে।পুস্তকালয়ৰ কাম-কাজতো সন্তুষ্টি প্ৰকাশ কৰে তেওঁ। পুস্তকালয় পৰিচালনা সমিতিৰ সম্পাদক ৰাজেন পূজাৰীয়ে ভৱিষ্যতে পুস্তকালয়ৰ উন্নয়নৰ ক্ষেত্ৰত কবিৰ পৰিয়ালয়ৰ পৰা সহায়-সহযোগিতা কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/efe8bd52-1c4d-467b-bd35-3588a74f2f8e/4b4b5172_fb8a_4f91_b46e_c90d9606c518.jpg)
উল্লেখ্য যে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ জন্ম স্থানৰ সূৰ্য নামি অহা দেখা প্ৰিয় নদী গেলাবিল, ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ ভৰা বাৰিষাত কবিয়ে মৃত্যুৰ পূৰ্বে দি যোৱা দিহা মতে তেখেতৰ চিতা ভষ্ম বিসৰ্জন দিয়ে পুত্ৰ অমিতাভ ফুকনে। এই পৰম্পৰাত উপস্থিত থাকে দুলুমনি ফুকনৰ সহিতে আত্মীয় কুটুম্বৰ তথা স্থানীয়লোক। ধনশিৰি নদীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ নুমলিগড়ত বিপ্লৱী বীৰ শংকৰ বৰুৱা সেতু, দেৰগাঁৱৰ গেলাবিল নদীৰ পকী দলং আৰু চিকাৰি ঘাটত নাৱত উঠি লুইতত কবিগৰাকীৰ চিতা ভষ্ম বিসৰ্জন দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4d6ea902-1f98-46ca-976c-39681e0d67ad/7a332c5c_1235_40ca_a93e_794ce68b6c06.jpg)
Also Read: লোহিত নদীৰ ঢৌয়ে উটুৱাই নিলে একেটা পৰিয়ালৰ ৩জনকৈ লোককঃ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান