/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5231ddeb-5d7d-4df8-81a1-d72c193ebd37/KOBITA.jpeg)
- মুবীন ৰাভা
বিজ্ঞাপনবোৰে
মোবাইল, টেলিভিচন, কাকত
বাটেপথে উজান দিয়াৰ পিছতেই
ধূলিময় কেঁচা বাট
ভাগি থকা দলং, পজাবোৰে
সপোন দেখিবলৈ শিকিছে
বিজ্ঞাপনবোৰেই
বতৰত গছে পাত সলোৱাৰ দৰেই
মানুহক সলাই
পৰিৱৰ্তন বিচাৰিবলৈ শিকাইছে
বিজ্ঞাপনত থকাৰ দৰেই
উন্নতিৰ শ্লোগান আওৰাইছে
শোষিত, নিপীড়িত জনতাই
নিৰ্বাচনৰ বতৰত মূল্যৱান হৈ উঠিছে
প্ৰতিজন নাগৰিক
পৰিৱৰ্তন হ'ল বিচৰাৰ দৰেই
চকীত বহাজন বেলেগ হ'ল
সলনি হ'ল শাসক
সময় বাগৰিল
মাথো পৰিৱৰ্তন নহ'ল
গাওঁৰ কেঁচা বাট, ভগা দলং
পঁজা, অভাৱ, হাহাকাৰবোৰ...
আৰু পঢ়ক : কবিতা ১১৬/ শিল