/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/fef890b3-70a8-4ced-b68c-86b0d7d63a8b/KOBITA.jpeg)
কবিতা ১১৬/ শিল
ৰফিক উদ্দিন
মই ধ্বনিহীন হৈ পৰো...!
যেতিয়া শিলটো বাগৰি পৰে
আৰু...
নৈৰ ঢৌৱে ঢৌৱাই
চৰৰ কাষত ঠিকনা দিয়েগৈ
লাহে লাহে কন্দৰ্পকান্তি দেহাটোৰ
চাৰিওফালে লাজুকী লতাই আগুৰে
গণ্ডপী দেহাত সেউজী ফুল ফুলে!
শিলো ক্ষান্ত হ'ল;
কিন্তু প্ৰমাদী...
মই চাওঁতেই তলমূৰ কৰে!
কিয়...?
লাজ, অভিমান নে অহংকাৰ?
নিজেই নিজকে উত্তৰ দিওঁ
অহংকাৰ অভিমান বাগৰাতেই শেষ;
আকৌ নিজকে সুধো...
সঁচাই শিলৰো লাজ লাগে নে?
ভাৱো আৰু হাঁহো, খুবেই হাঁহো!