কবিতা ১২২/ সাধুকথাৰ তেজা

ডালিম পকি সৰিবৰ হ'ল/ তেজা বাইদেউ গাভৰু হ'ল

author-image
Asomiya Pratidin
New Update
কবিতা ১২২/ সাধুকথাৰ তেজা

poem

- ধ্ৰুৱজ্যোতি ধনন্তৰি

Advertisment

ডালিম পকি সৰিবৰ হ'ল

তেজা বাইদেউ গাভৰু হ'ল

ডালিম দেখোন পকিল

ডালিম দেখোন সৰিল

তেজা বাইদেউ ৰজা কিয় নাহিল ?

ৰজা আহিব ৰজা আহিব

সপোনত সাৰ পাই তেজা

কোন দেশৰ বা ৰজা

গাভৰুৰ ৰূপ-জেউতিত মজা

কাৰ ঘৰত কোনে খোলে দৰ্জা

ডালিম পকি সৰিবৰ হ'ল

ৰজাৰ বাৰু কি হ'ল

ৰণলৈ গ'ল ৰজা

মিছা মিছা মিছা মিছা

চিঞৰে ভোকাতুৰ প্ৰজা

ডালিম পকি সৰিবৰ হ'ল

ৰজাৰ মুখা খুলি গ'ল

তেজা বাইদেউৰ চকু অঙঠা হ'ল

ই বোলে তেজা সি বোলে তেজা

পিয়াহত মৰে প্ৰজা

নুশুনে নলয় গম

সেইজন আকৌ কেনে ৰজা...

গৰজি উঠে সাধুকথাৰ তেজা!

আৰু পঢ়ক : কবিতা ১২১/ যোৱা বাটেৰেই এদিন আহিব উভতি

assam assamese poem poem