কবিতা ১২১/ যোৱা বাটেৰেই এদিন আহিব উভতি

author-image
Asomiya Pratidin
New Update
কবিতা ১২১/ যোৱা বাটেৰেই এদিন আহিব উভতি

- কিশোৰ কুমাৰ কলিতা

Advertisment

ৰৈ থকাৰো হেপাঁহ থাকে

যদিওবা সেই সময় বিষাদৰ

এদিন হঠাৎ তেওঁ

যোৱা বাটেৰেই আহিব উভতি

যদিওবা তেতিয়ালৈকে

কাৰো বাবেই সময় নাথাকে ৰৈ

কেতিয়াবা কাহিনীও নভবাকৈয়ে

নজনাকৈয়ে ঘটি যায় অজুহাতৰ ঘটনাবোৰ

সাৰে থাকে সপোন

উজাগৰী হয় প্ৰত্যাশাৰ নিশা

সপোনৰ সেউজীয়া বৰষুণজাক

গৰ্ভৱতী নাৰীৰ দৰেই শিপাই ধৰাৰ বুকুত

নতুন দিনৰ আশাত বন্দী আপুনি মই

যোৱা বাটেৰেই এদিন আহিব উভতি

সময়ৰ বোকোচাত উঠি গৈ থাকিব সকলো

তেওঁহে তেতিয়ালৈকে তেওঁৰ হৈ নাথাকিব।

আৰু পঢ়ক : কবিতা ১২০/ শংকৰদেৱ

assamese poem