ছবি ঘৰলৈ আহি আছে নতুন অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"

ছবি ঘৰলৈ আহি আছে নতুন অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"

ডিজিটেল ডেস্কঃ সমাজৰ এটা অতি স্পৰ্শকাতৰ বিষয় সমকামিতাক মূল বিষয় বস্তু হিচাপে লৈ চিটি প্ৰডাক্চনৰ বেনাৰত নিৰ্মিত "সত্য দ্যা ট্ৰুথ" ৰ প্ৰযোজনা কৰিছে তিলোত্তমা তালুকদাৰে। ছবিখনৰ পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰ (বাবা) ৰ।

এই বছৰতে জুন মাহত কাশিষ: মুম্বাই আন্তৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্র মহোৎসৱত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায়। বিশ্বৰ ৪১ খন দেশৰ ১১০ খন বোলছবি প্ৰদৰ্শিত হোৱা এই মহোৎসৱত "সত্য দ্যা ট্ৰুথ" ক ইন্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হয়।

মুম্বাইতে এই বছৰ আগষ্ট মাহত অনুষ্ঠিত ১১ সংখ্যক ভাৰতীয় চিনে চলচিত্র মহোৎসৱত এই ছবিখনে জুৰিৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি চিকাগো দক্ষিণ এচিয়ান চলচিত্র মহোৎসৱত যোৱা ছেপ্টেম্বৰ মাহত চিকাগো চহৰত এই ছবিখন প্ৰদৰ্শিত হয়। ছবিখন ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে আৰু ২০২৪ চনৰ ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ছবিখনে অসমক প্ৰতিনিধিত্ব কৰিব।

বোলছবিখনত এক অগতানুগতিক চৰিত্ৰত অভিনয় কৰিছে সুদৰ্শন অভিনেতা উৎপল দাসে। ছবিখনত উদয়ন দুৱৰা, মোহময়ী অভিনেত্রী ডৰথী ভৰদ্ৱাজ , মহেশ বৰাৰ লগতে বহুতো ন-পুৰনি শিল্পীয়ে অভিনয় কৰিছে। ছবিখনত দুগৰাকী নবাগত অভিনেতা দৰ্শকে বিশেষ চৰিত্ৰত দেখিবলৈ পাব। তেওঁলোক ৰাকেশ বৰুৱা আৰু সুমন দাস।

ছবিখনৰ সামগ্রিক পৰিকল্পনা চন্দন তালুকদাৰৰ আৰু কাহিনী উৎপল উপমান্যৰ। সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই। গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনাকংকন ভূঞাৰ। জুবিন গাৰ্গ , অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই গীত সমূহত কণ্ঠদান কৰিছে। নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই।

হিতেন ঠাকুৰীয়াই চিত্র গ্ৰহণ কৰা এই বোলছবি খনৰ সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে। শব্দ সংযোজন আৰু সংমিশ্রণ অমৃত প্ৰীতমৰ। ডি:আই শ্যামল দাস। ছবিখনৰ সাজসজ্জা আৰু ৰূপসজ্জাৰ দ্বায়িত্বত আছিল ক্ৰমে ৰানী দত্ত বৰুৱা আৰু পূজা দত্ত।

ছবিখনৰ চিত্রনাট্য চন্দন তালুকদাৰৰ। পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়া মতে সমাজত স্পৰ্শকাতৰ বিষয় সমকামিতাক যাতে সমাজে লাহে লাহে গ্রহণ কৰিবলৈ চেষ্টা কৰে তাৰেই এক বাৰ্তা প্ৰেৰণৰ চেষ্টাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে।

ছবি ঘৰলৈ আহি আছে নতুন অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"
আৰক্ষী বিষয়াৰ পোষ্টত কমেন্ট কৰি আটক যুৱক, চিন্তিত পিতৃ-মাতৃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in