ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ দিশে অসমীয়া...

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ দিশে অসমীয়া...

ডিজিটেল ডেস্ক : অসমীয়া ভাষা যে এটি স্বয়ংসম্পূৰ্ণ, স্বতন্ত্ৰ ভাষা; ই যে আন কোনো ভাষাৰ উপ শাখা নহয় সেই সংগ্ৰমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এক বাতৰিয়ে । অতি শীঘ্ৰেই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ দিশে অসমীয়া ।

এমুঠিমান ভাষাবিদৰ দীৰ্ঘদিনীয়া সাধনা, আশাশুধীয়া প্ৰচেষ্ট, মাতৃভাষা ৰক্ষাৰ্থে হোৱা আন্দোলনত যেন আৰু এখোজ আগুৱাইছে সফলতাৰ দিশে । চৰকাৰৰ সদিচ্ছা, সুদৃষ্টি-আন্তৰিকতাই অসমীয়া ভাষাক স্বতন্ত্ৰৰূপে প্ৰতিষ্ঠা কৰিব বিশ্বৰ বুকুত ।

দেশৰ প্ৰাচীনতম ভাষা সমূহৰ অন্যতম ৰূপে ভিন্ন সমল মজুত থকাৰ পিচতো ভিন্ন কাৰণত অসমীয়া ভাষাই উপেক্ষিত হৈ ৰোৱাৰ সময় এতিয়া সমাপ্তিৰ দিশত । এতিয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সদিচ্ছা আৰু সাহিত্য অকাডেমীৰ বিশেষজ্ঞৰ সেউজ সংকেতলৈহে এতিয়া অপেক্ষা । কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হ'লেই অসমীয়াৰ হিয়াৰ আমঠু ভাষাটোৱে লাভ কৰিব ধ্ৰুপদী ভাষাৰ মৰ্যাদা ।

উল্লেখ্য যে, ২০২১ চনৰ ১৯ মাৰ্চত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা প্ৰতিবেদনখন বৰ্তমান মন্ত্ৰালয়ত বিবেচনাধীন । বিশেষজ্ঞ সমিতিয়ে সেউজ সংকেত দিলেই অসমীয়া ভাষাই লাভ কৰিব ধ্ৰুপদী ভাষাৰ সংকেত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in