বকোত বকো আৰক্ষী আৰু পৰিবহন বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

সুৰাপায়ী চালকক ১০ হাজাৰ টকাৰ জৰিমনাৰ লগতে তিনিমাহলৈ অনুজ্ঞাপত্ৰ বাতিল

author-image
Asomiya Pratidin
New Update
বকোত বকো আৰক্ষী আৰু পৰিবহন বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

ডিজিটেল সংবাদ,ছমৰীয়া : নৱবৰ্ষৰ প্ৰাকক্ষনত দুৰ্ঘটনা ৰুধিবৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতে যান-বাহআইন উলংঘাকাৰীৰ বিৰুদ্ধ অধিক কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা পৰিবহন বিভাগ। ৩১ ডিচেম্বৰৰ নিশা বকোৰ ৰাজপথত চলিল বকো আৰক্ষী আৰু পৰিবহন বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে যৌথ অভিযান।

Advertisment

একাংশ লোকে পৰিবহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰি অথবা চাৰিচকীয়া বাহনত চিট বেল্ট নলগোৱাকৈ অথবা সুৰা সেৱন কৰি গাড়ী চলোৱাৰ ফলত হব পৰা দুৰ্ঘটনা সমূহ নিৰ্মূল কৰাৰ বাবে শনিবাৰে নিশা বকো আৰক্ষী আৰু পৰিবহন বিভাগৰ এই তালাচি চকীত প্ৰতিখন যান বাহনৰ নথি-পত্ৰ নিৰীক্ষন কৰাৰ লগতে হেলমেট নিপিন্ধা আৰু সুৰাপায়ী চালক সকলক জৰিমনা বিহা হয় আৰু সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ ৩ মাহ পৰ্যন্ত বাতিল কৰা হয়।

বকো আৰক্ষী আৰু পৰিবহন বিভাগৰ এই যৌথ অভিযানত বকো আৰক্ষী থানাৰ উপ পৰিদৰ্শক অপূৰ্ব কলিতা,পৰিবহন বিভাগৰ বলবৎকাৰী পৰিদৰ্শক লীলী দেউৰী,অতিৰিক্ত বলবৎকাৰী পৰিদৰ্শক ড° খনীন্দ্ৰ বৰ্মন আৰু প্ৰাঞ্জল হাজৰিকাৰ লগতে বহুকেইজন বিষয়া উপস্থিত থাকে।

BOKO Assam police