অসম যুৱ অলিম্পিকত সোণ, ৰূপৰ পদক কঢ়িয়াই আনিলে ধেমাজিৰ কেইবাগৰাকী খেলুৱৈয়ে…

অসম যুৱ অলিম্পিকত সোণ, ৰূপৰ পদক কঢ়িয়াই আনিলে ধেমাজিৰ কেইবাগৰাকী খেলুৱৈয়ে…

author-image
asomiyapratidin
New Update
অসম যুৱ  অলিম্পিকত সোণ, ৰূপৰ পদক কঢ়িয়াই আনিলে ধেমাজিৰ কেইবাগৰাকী খেলুৱৈয়ে…

ডিজিটেল সংবাদ , ধেমাজি: অসম অলিম্পিক সন্থাই গুৱাহাটীত অনুষ্ঠিত কৰা যুৱ অলিম্পিক ক্ৰীড়া শাখাৰ ফেন্সিঙত পলমনি বৰগোহাঁইয়ে স্বৰ্ণ পদক আৰু কাৰাটে শাখাত ধনমায়া চেত্ৰীয়ে স্বৰ্ণ পদকৰ লাভে ধেমাজি
জিলাখনলৈ সাফল্য কঢ়িয়াই আনিছে।

Advertisment

অসম যুৱ অলিম্পিকৰ বিভিন্ন শাখাত পোৱা ধেমাজি জিলাৰ খেলুৱৈ সকলৰ পদক সমূহ হৈছে- ৰবীন দাসে ফেন্সিঙত ৰূপৰ , জ্যোতিলতা দেউৰীয়ে যুদুত ৰূপৰ , ৰাজ দেউৰীয়ে যুদুত ব্ৰঞ্জৰ , ইউৰি গগৈয়ে কাৰাটেত ব্ৰঞ্জৰ , ৰানী সোনোৱাল আৰু ঝনা সোনোৱালে যুটীয়াভাৱে আটিষ্ট্ৰিক যুগাত ব্ৰঞ্জৰ , ছোৱালী বাছকেটবল প্ৰতিযোগিতাত ৰূপৰ , লৰা ফুটবল প্ৰতিযোগিতাত ৰূপৰ , ভাৰউত্তোলন প্ৰতিযোগিতাত জানমনি পেগু আৰু মনিষা সোনোৱালৰ ৰূপৰ পদকৰ সাফল্যই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

ধেমাজি জিলা ক্ৰীয়া সন্থাৰ সভাপতি তথা ধেমাজি সমষ্টিৰ বিধায়ক ও শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাধাৰণ সম্পাদক যতীন বুঢ়াগোহাঁইয়ে সকলো খেলুৱৈক অভিনন্দন জনাইছে ৷

আৰু পঢ়ক: হে ভগৱান! ইয়াৰ পাছতো আৰু কিমান…

assam assam olympic sports