হে ভগৱান! ইয়াৰ পাছতো আৰু কিমান…

হে ভগৱান! ইয়াৰ পাছতো আৰু কিমান…

মৃদুল কুমাৰ সন্দিকৈ

জীৱনৰ জীয়া কাহিনী এয়া। সম্ভ্ৰান্ত মহিলা গৰাকীৰ এদিন সকলো আছিল। ৬৯ টা বছৰে তেওঁক বহু দিলে বহু কাঢ়ি নিলে। দুটা বছৰৰ আগৰ কথা। জীৱনৰ প্ৰতি চূড়ান্ত মোহভংগ হৈ কন্যাৰ সৈতে সিদ্ধান্ত লৈছিল গুচি যাব এই সংসাৰৰ পৰা।

সেইদিনা কাম কৰিবলৈ অহা মানুহ গৰাকীক কৈছিল আজি আন দিনাতকৈ ভালকৈ ৰান্ধিবলৈ। জীয়েকে ভালপোৱা আৰু নিজেই ভালপোৱা খাদ্য সম্ভাৰ দুয়ো তৃপ্তিৰে খাইছিল। ভাৱিছিল সেইটো দিনেই পৃথিৱীত তেওঁলোকৰ শেষ দিন।

নিশা তেতিয়া গভীৰ হৈছিল। কৈ গৈছিল তেওঁ সেই ৰাতিটোৰ কথা। যোগাৰ কৰি থোৱা এচিড জাতীয় দ্ৰব্য দুয়োয়ে খাইছিল। কন্যাই গিলিব নোৱাৰিলে। তেওঁ বহুখিনি গিলিছিল। খাইছিল তাৰপাছত শ্লিপিং টেবলেট কেইটামানো।

শব্দৰে বুজাব নোৱাৰা এই কথাবোৰ কৈ থাকোতে তেওঁৰ চকুৰে সৰিছিল চকুপানী। বিষন্ন মনটোত ফুটি উঠিছিল কিমান অসহায় তেওঁ। কথাবোৰ ক'বলৈ গৈ ৰৈ গৈছিল। মুখৰ পৰা শব্দ নোলালেও তেওঁৰ ভংগীমাই কৈছিল কিমান দুখত বিধ্বস্ত হৈছে তেওঁৰ জীৱন।

যোৰহাটৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ হৈছিল ইলু বৰুৱা। দেউতাক আছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। ককাক আছিল ৰায়বাহাদুৰ। পৰিয়ালে লোৱা সিদ্ধান্ত অনুসৰিয়েই বিয়া হৈছিল গোলাঘাটলৈ। স্বামী এটা বৃটিছ কোম্পানীৰ উচ্চ পদস্থ বিষয়া।

বিয়াৰ পাছত গুচি গৈছিল অসমৰ বাহিৰলৈ। ইখনৰ পাছত সিখন চহৰ, মহানগৰ ঘূৰি ফুৰিব লগা হৈছিল স্বামীৰ সৈতে। তেতিয়ালৈকে জীৱন আছিল বৰ অনুপম। কোম্পানীয়ে দিয়া সা-সুবিধাৰে আভিজাত জীৱনৰ গৰাকী হৈ পৰিছিল।

মানুহৰ প্ৰতি তেওঁৰ আছিল মৰম, ভালপোৱা। যি বিচাৰে মানুহক তাকেই দিবলৈ চেষ্টা কৰিছিল। স্বামী গৃহও আছিল এটা প্ৰতিষ্ঠিত পৰিয়াল। গোলাঘাটত পৰিচিত সেই পৰিয়ালটোৰ বোৱাৰী হৈ গৌৰৱবোধ কৰিছিল।

এটা পুত্ৰ আৰু এজনী কন্যাৰে সংসাৰ সম্পূৰ্ণ হৈছিল। পুত্ৰ-কন্যাক পঢ়োৱাবৰ বাবে প্ৰথম তেওঁ ঘূৰি আহিছিল অসমলৈ। মেধাৱী আছিল দুয়ো।পাৰ হৈছিল সুখৰ দিনৰ সময়। ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল দুই সন্তান। নিজেও তেওঁ স্নাতক আছিল। বিয়াৰ বাবে এম এ পঢ়াৰ সপোন পূৰণ নহ'ল।

দুই সন্তানক কটনত পঢ়োৱাৰ হেঁপাহ পূৰণ হৈছিল। পুত্ৰই এটা কোম্পানীত উচ্চ পদস্থ বিষয়া হিচাপে যোগ দিলে। এদিন হঠাৎ খবৰ আহিল জি এন আৰ চিলৈ মাতি পঠিওৱা হ'ল তেওঁক। অফিচত থকাৰ সময়তে হাৰ্ট এটেক হ'ল পুত্ৰৰ।

মাক-দেউতাক দৌৰি গ'ল, কিন্তু  তেতিয়ালৈকে সকলো শেষ হৈছিল। কিমান দিন তেওঁ নাখালে তাৰ হিচাপ নাছিল। পুত্ৰক হেৰুওৱা বেদনাত দগ্ধ হৈ থাকোতেই এটা বছৰ বিৰতিত হেৰুৱালে স্বামীক।

এখন ভাল ব্যক্তিগত শিক্ষানুষ্ঠানত কাম কৰা জীয়াৰিয়ে এ পি এছ চি পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ভাইভাৰ বাদে সকলোতে সফল হৈ নাপালে চাকৰি। স্বামী-পুত্ৰক হেৰুওৱাৰ পাছত অসুস্থ হৈ পৰিল জীয়াৰি। লৈ গৈছিল গুৱাহাটীৰে এখন নাৰ্ছিং হোমলৈ । টকালৈ তেওঁ চোৱা নাছিল। একমাত্ৰ সাৰথি জীয়াৰিৰ কথা ভাৱিছিল।

ভুল চিকিৎসাৰ বলি হৈছিল জীয়াৰি। তেওঁ অভিযোগ কৰা মতে কেৱল ধন চিনি পাইছিল সেই নাৰ্ছিং হোমখনে। সমস্ত ধন ব্যয় হৈছিল জীয়াৰিৰ চিকিৎসাৰ নামত। বাহিৰলৈও নিব লগা হৈছিল ছোৱালীক।

ভাড়া লৈ থকা ফ্লেটটোৰ ভাড়া দিব পৰা নাছিল তেওঁ ৩ মাহ। ভাড়া বিচাৰি মালিকে যোৰ দিছিল। সহায় বিচাৰিছিল ৩ ভাতৃৰ পৰা। বিচ্ছিন্ন হৈ পৰিছিল স্বামী গৃহৰ পৰাও। সেই বিপদৰ সময়ত নিজৰ বুলি কোনোৱে আগবাঢ়ি নাহিল।

হঠাৎ জীৱনলৈ নামি অহা এই কাল ধুমুহাই জীৱনকে অৰ্থহীন কৰি তুলিছিল। সেয়েহে সেইদিনা ৰাতি মাতৃয়ে জীয়েকক কৈছিল সেই চৰম সিদ্ধান্তৰ কথা। কন্যাই কৈছিল তই নাথাকিলে মা মোৰ জীয়াই থকাৰ অৰ্থ ক'ত? মইও নাথাকো জীয়াই। আহ আমি একেলগে…

তাৰপাছত পিছদিন পুৱা কাম কৰা মানুহজনী আহি এই চৰম সত্যক আৱিস্কাৰ কৰিছিল। ইশ্বৰৰ কৃপাতে হয়তো বাছি গৈছিল দুয়ো। কিন্তু নাছিল কাৰোৱে জ্ঞান।  ফ্লেটৰ দুৱাৰ ভাঙি হাতীগাঁও আৰক্ষীৰ সহযোগত দুয়োকে ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচত।

ইশ্বৰৰ হয়তো কৃপা আছিল। চিকিৎসকৰ চেষ্টাত দুয়ো জীৱন বাচিছিল। আৰক্ষীৰ সহযোগত ফ্লেটৰ মালিকে তেওঁলোকৰ আচ-বাব উলিয়াই দিছিল। গৃহহীন হৈ পৰিছিল মাতৃ-কন্যা। কভিডৰ সংক্ৰমণৰ বাবে সেই সময়ত ততাতোয়াকৈ আন ৰোগী সকলক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

 এটা এন জি অ আৰু হাতীগাঁও আৰক্ষীৰ সহযোগত চিকিৎসালয়ৰ পৰা ওলোৱাৰ পাছত তেওঁলোকক উৎপলে প্ৰমোদ তালুকদাৰ সোৱৰণী বৃদ্ধা আৱাসলৈ লৈ গৈছিল। ১ বছৰ মান থাকিল কি নাথাকিল কন্যা। পুনৰ অসুস্থ হৈ পৰিল।

জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল যদিও এইবাৰ তেওঁ নাবাচিল। অকলশৰীয়া হৈ ইলু বৰুৱা থাকি গ'ল। এই বৃদ্ধ আৱাসৰ বাসিন্দা এতিয়া তেওঁ। কিছু সম্পত্তি আশ্ৰমলৈ লৈ আহিল, কিছু কৰবাত হেৰাল।

এতিয়া চকুপানীৰে বাট নেদেখে তেওঁ। কিমান জটিল জীৱন তেওঁতকৈ আৰু কোনে বুজে। মানুহৰ আপোন পৰ সংজ্ঞাই তেওঁৰ বাবে সলনি হৈ গ'ল। পিতৃ-স্বামী গৃহৰ সম্পত্তি একোৱেই নাপালে।

স্বামীৰ নামত থকা সম্পত্তিও কোনে ক'ত কাঢ়ি ল'লে তত ধৰিব নোৱাৰিলে। ৩ ভাতৃকো অনুৰোধ কৰি অলপো সহায় নাপায় বিচলিত তেওঁ। জীৱনে কিমান কষ্ট দিব বুলি তাক লৈ উচুপে এতিয়া। চৰম হতাশাৰ মাজত বিচাৰে ন্যায়। 

ন্যায় যুঁজত নামিবলৈ তেওঁৰ হাতত নাই কোনো তথ্য, প্ৰমান। এতিয়াও ভাবি আছে ৩ ভাতৃৰ শুভবুদ্ধি উদয় হ'ব। চকুৰ সন্মুখতে সকলো হেৰাই গ'ল। উৎপলৰ বাবেই জীৱনতো তেওঁ নতুনকৈ চাবলৈ শিকিছে।

এটা এলবাম আছিল তেওঁৰ। পুৰণি দিনৰ কথা কৈছিল এলবামটোৱে। বৃদ্ধাশ্ৰমত থাকোতে সেই এলবাম চাই তেওঁ নীৰৱে কান্দে। সেয়েহে আন সকলে মিলি লুকুৱাই ৰাখিছে এলবামটো। কান্দি কান্দি হাঁহি থাকে তেওঁ। জীৱনৰ কথাবোৰৰ মাজতেই তেওঁ ক'লে কিবাকৈ মই ন্যায় পাব নোৱাৰোনে। মোক সম্পত্তি এতিয়া কিয়নো লাগে। কিন্তু মোৰ অধিকাৰ থকা সেই সম্পত্তিবোৰ পালে মই দি যাম এই বৃদ্ধাশ্ৰমত। যিখনে মোক ইমান দুখৰ মাজতো জীয়াই থাকিবলৈ অলপ হ'লেও অৱকাশ দিছে।

পাবনে ইলু বৰুৱাই ন্যায়। এই প্ৰশ্নৰ উত্তৰো এতিয়া সময়ৰে হাতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in