পুনৰ মাধমাৰ! অসমত পুনৰ টোলগেট নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ...

পুনৰ মাধমাৰ! অসমত পুনৰ টোলগেট নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ মূৰত কেন্দ্রৰ আন এক মাধমাৰ। পুনৰ বৃদ্ধি হ'ব পাৰে অসমত টোলগেটৰ সংখ্যা। অসমত হ’ব মুঠ ২৭ খন টোলগেট।

ইতিমধ্যে ৰাজ্যত কাৰ্যক্ষম হৈ আছে ৯খনকৈ টোলগেট। NHAIৰ অধীনত কাৰ্যক্ষম হৈ আছে এই টোলগেট কেইখন। আনহাতে বৰ্তমান ৯ খন টোলগেটৰ নিৰ্মাণৰ কাম চলি আছে।

ভৱিষ্যতে আৰু ৪ খন টোলগে’ট নিৰ্মাণৰ পৰিকল্পনা আছে NHAIৰ। ইয়াৰ উপৰিও নিৰ্মাণ সম্পূৰ্ণ হৈছে আন ৫খন টোলগেটৰ। বিধায়ক অখিল গগৈৰ এক প্রশ্নৰ উত্তৰত সদনত উন্মোচিত হয় এই তথ্য।

উল্লেখ্য যে, ৰাজ্যত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। টোলগেটৰ বৰ্ধিত কৰৰ বাবে বহু দল সংগঠনে প্ৰতিবাদ কৰিছে যদিও ইয়াৰ প্ৰতি কাণসাৰ নাই চৰকাৰৰ। টোলগেটৰ বৰ্ধিত কৰ এতিয়া জনতাৰ মূৰৰ কামোৰণি হৈ পৰিছে। তেনে অৱস্থাত পুনৰ টোলগেট বৃদ্ধি হ'লে জনতাৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব।

পুনৰ মাধমাৰ! অসমত পুনৰ টোলগেট নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ...
''ভাষণৰ দ্বাৰা নহয়, খাদ্য গ্ৰহণ কৰিলেহে পেট ভৰে'' মোডীক কটাক্ষ কৰিলে কোনে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in