/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/25aac712-c948-4f0a-9db1-af57a092c9f9/dsff.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক সকলে কৰম পূজাত বন্ধ দিয়াক লৈ দীৰ্ঘদিনীয়া দাবী জনাই আহিছে । বহু প্ৰতিবাদৰ অন্তত ৰাজ্য চৰকাৰে বুধবাৰে ঘোষণা কৰে কৰম পূজাৰ দিনটোত বন্ধ হিচাপে প্ৰবৰ্তন হোৱাৰ কথা ।
কিন্তু বন্ধ ঘোষণা কৰা হৈছে যদিও সেই দিনটোত কৰ্তন কৰা হ'ব শ্ৰমিক সকলৰ দৰমহা । ফলত এতিয়া সৰব হৈ পৰিছে চাহ বাগিছাৰ শ্ৰমিক সকল । এই কথাৰ বিৰোধিতা কৰি বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ চাহ শ্ৰমিকৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বাগিছা লাইনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।
কৰম পুজা বন্ধৰ নামত চুটি প্ৰদান কৰিছে যদিও পাব লগা মজুৰি কৰ্তন কৰা সিন্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে। এই সময়ছোৱাত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ঐবন তাঁতী, জিলা সভাপতি ধিৰাজ তাঁতী, বিশ্বনাথ আঞ্চলিকৰ সভাপতি মহেশ ছত্ৰী বাগানৰ চাহ শ্ৰমিকসকল ।
Also Read: ভাৰতলৈ আহিব নোৱাৰিব কানাডাৰ নাগৰিক !