শিক্ষাৰ নহয়, এইবাৰ স্বাস্থ্য সেৱাত গুণোৎসৱ...

বৃহস্পতি বাৰৰে পৰা ৰাজ্যত অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ। সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাটো অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
শিক্ষাৰ নহয়, এইবাৰ স্বাস্থ্য সেৱাত গুণোৎসৱ...

ডিজিটেল ডেস্ক: বৃহস্পতি বাৰৰে পৰা ৰাজ্যত অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে সামগ্ৰিকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্ত:গাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ বাবে অসম চৰকাৰে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীত ১,২৫২ খন স্বাস্থ্য প্ৰতিস্থানক সামৰি লৈছে চৰকাৰে।

Advertisment

সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাটো বৃহস্পতি বাৰৰে পৰা অৰ্থাৎ ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ "স্বাস্থ্য সেৱা উৎসৱ"ৰ আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। মূল্যায়নৰ বাবে ৰাজ্যৰ ১১৫২ খন চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানক সামৰি লোৱা অনুসৰি ডিব্ৰুগড় জিলাৰ মুঠ ৪০ খন‌ চৰকাৰী চিকিৎসালয়ত এই মূল্যায়ন কাৰ্যসূচী সম্পন্ন হ'ব । জিলাখনৰ ১০ খন সামূহিক চিকিৎসালয় আৰু আদৰ্শ চিকিৎসালয় তথা ৩০ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি মুঠ ৪০ খন চিকিৎসালয়ত স্বাস্হ্যসেৱাৰ মানদণ্ডৰ পৰিমাপ‌ নিৰ্ণয় কৰা হ’ব।

উল্লেখ্য যে, অসম চৰকাৰৰ স্বাস্হ্য বিভাগে, স্বাস্থ্য খণ্ডত ৰূপায়ন কৰিবলৈ লোৱা এই স্বাস্থ্য সেৱা উৎসৱ দেশৰ ভিতৰতে প্ৰথম । শিক্ষা বিভাগৰ গুণোৎসৱৰ আৰ্হিত স্বাস্থ্য উৎসৱত আন্তঃমূল্যায়ন আৰু বহিঃমূল্যায়নৰ ব্যৱস্থা থাকিব। ডিব্ৰুগড় জিলাতো সৰ্বমুঠ ৪০ টা মূল্যায়নকাৰী দল থাকিব । স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে স্বাস্থ্য সেৱাত থাকি যোৱা আসোঁৱাহ তথা ত্রুটিসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰি ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মানলৈ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে।

Also Read: এইবাৰ ষ্টিভ বলমাৰ্মক চেৰ পেলালে আম্বানীয়ে...

ASSAM GOVERNMENT