গোসাঁই বিহুৰ দিনা অসম সাহিত্য সভাৰ ব্যতিক্ৰমী কাৰ্যসূচী

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যসূচী "নিজৰ দিন"শীৰ্ষক অনুস্থানৰ লগত সংগতি ৰাখি পহিলা বহাগত নিত্যানন্দৰ ভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱা ছয় গৰাকী বিশিষ্ঠ ব্যক্তিলৈ সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
গোসাঁই বিহুৰ দিনা অসম সাহিত্য সভাৰ ব্যতিক্ৰমী কাৰ্যসূচী

ডিজিটেল সংবাদ, বজালীঃ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যসূচী "নিজৰ দিন"শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি পহিলা ব'হাগত নিত্যানন্দৰ ভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱা ছয় গৰাকী বিশিষ্ঠ ব্যক্তিলৈ সম্বৰ্ধনা। বজালীৰ নিত্যানন্দৰ অগ্ৰণী অনুষ্ঠান বজালী সাহিত্য কলা পৰিষদৰ উদ্যোগত অসম সাহিত্য সভাৰ আজীৱন সদস্য,অৱসৰপ্ৰাপ্ত মীন বিষয়া বৰাবাং পূৱ মাজিউপাৰাৰ নিবাসী সন্মানীয় শ্ৰীফুকন পাঠক,অৱসৰ প্ৰাপ্ত অধ্যক্ষ অচ্যুত চন্দ্ৰ দাস,সমাজকৰ্মী প্ৰসন্ন চৌধুৰী,অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া অধৰ চৌধুৰী,সত্ৰাধিকাৰৰ পত্নী উপলা গোস্বামীক বিহুবান,ওলগনি পত্ৰৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোবা হয়।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে বজালী সাহিত্য কলা পৰিষদৰ সভাপতি দীনেশ দাস,প্ৰাক্তন সভাপতি ফুলেন পাঠক,তিলক চন্দ্ৰ মেধী,সম্পাদক হেমাংগ দেৱ চৌধুৰী,সাংগঠনিক সম্পাদক ভূপেশ খাটনিয়াৰ,জয়ন্ত হাজৰিকা সংঘৰ সম্পাদক দিলীপ কুমাৰ দাসৰ লগতে সদস্য সকল উপস্থিত থাকে।

Also Read: কি আছে কপালত?