
ডিজিটেল ডেস্কঃ মুখ খুলিছে পুনৰ বিতৰ্কত সোমাই পৰা অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় বিতৰ্কত সোমাই পৰাৰ সন্দৰ্ভত মুখ্য কাৰ্যালয়ত সংবাদমেল আয়োজন কৰি মুখ খুলিছে কৰ্তৃপক্ষই।
এই সন্দৰ্ভত অসমৰ আগশাৰীৰ একাংশ বাতৰি কাকতে বিভ্রান্তিকৰ বাতৰি প্রকাশ কৰাৰ অভিযোগ অসম সাহিত্য সভাৰ। সভাৰ কৰ্তৃপক্ষৰ মতে পূৰ্বৰ ধন ভৰালীয়ে আজিলৈকে তেওঁৰ কৰ্মকালৰ খতিয়ান দিব পৰা নাই। আগৰ কাৰ্যকালছোৱা যথেষ্ট খেলিমেলিৰ মাজেৰে পাৰ হৈছিল আৰু তেওঁলোকৰ কাৰ্যকালৰ সমস্ত খতিয়ান প্রকাশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলি সংবাদমেলত উল্লেখ কৰে অসম সাহিত্য সভাৰ বিষয়ববীয়াই।
তেওঁলোকে জনোৱা অনুসৰি এখন তদন্ত কমিটীৰ জৰিয়তে খতিয়ান প্রকাশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। আৰক্ষী কাৰ্যালয়লৈ যোৱাটো সত্য কিন্তু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ পৰা কোনো ফাইল হেৰুৱা নাই বুলি সংবাদমেলত দাবী কৰে উপস্থিতসকলে।
তেওঁলোকৰ মতে পূৰ্বৰ কেইজনমান বিষয়াববীয়াই মনে সজা গোচৰ তৰিছিল পাণবজাৰ থানাত।
তদুপৰি সাহিত্য সভাৰ কোনো লোক আই চি ইউত ভৰ্তি হৈ থকা নাই আৰু দুই এখন বাতৰি কাকতে মনেসজা বাতৰি প্রকাশ কৰিছে বুলি মন্তব্য কৰে উপস্থিত অসম সাহিত্য সভাৰ বিষয়াসকলে। সংবাদমেলত আগলৈ এনে ধৰণৰ বাতৰি প্রকাশ নকৰিবলৈ আহ্বান সাহিত্য সভাৰ।
উল্লেখ্য যে, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা বিত্তীয় সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ ফাইল হেৰুৱাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাত অবনী মোহন চহৰীয়া, কনক বৰা, বিপুল দেউৰীয়ে দিছিল গোচৰ ৰুজু কৰাৰ পাছত আৰক্ষীয়ে অভিযান চলাইছিল কাৰ্যালয়টোত। ইয়াৰ পাছতেই সংবাদমেলৰ আয়োজন কৰে অসম সাহিত্য সভাই।