অসম-ত্ৰিপুৰা সীমান্তত জব্দ কোটি টকাৰ গাঞ্জা

অসম ত্ৰিপুৰা সীমান্ত চুড়াইবাড়ীত অসম আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা

author-image
Asomiya Pratidin
New Update
অসম-ত্ৰিপুৰা সীমান্তত জব্দ কোটি টকাৰ গাঞ্জা

ডিজিটেল ডেস্কঃ অসম ত্ৰিপুৰা সীমান্ত চুড়াইবাড়ীত অসম আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা। ভাৰত পেট্ৰ'লিয়ামৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা গাঞ্জাখিনি বজাৰ মূল্য ১.৫ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ট্ৰাক চালক মিঠুন চৰকাৰক। ত্ৰিপুৰাৰ পৰা অহা এন এল/০১/এ জি/৫৫০৮ নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰা হয় উক্ত গাঞ্জাখিনি।

তেলৰ ট্ৰাকখনৰ চেম্বাৰৰ পৰা উদ্ধাৰ কৰা গাঞ্জাখিনিৰ পৰিমাণ প্ৰায় ১৫০০ কিলোগ্ৰাম। ৭১টা পেকেটত অনা হৈছিল এই গাঞ্জা । আনহাতে ধৃত চালকজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে।

Also Read: তামুলপুৰতো অভিৰুচি ক্ৰীড়া দিৱস পালন

Assam Tripura Border