কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত সন্দৰ্ভত ভুৱা বাতৰি বিয়পাইছিল নিজ দলৰেই নেতা কমলাক্ষ পুৰকায়স্থই

কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰ ভুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্য়ক্ত কৰিছে এই কথা।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত সন্দৰ্ভত ভুৱা বাতৰি বিয়পাইছিল নিজ দলৰেই নেতা কমলাক্ষ পুৰকায়স্থই

ডিজিটেল ডেস্কঃ কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰ ভুৱা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই ব্য়ক্ত কৰিছে এই কথা। কিছু সময় পূৰ্বে একাংশ সংবাদ মাধ্যমত অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰাৰ খবৰ বিয়পি পৰিছিল।

Advertisment

তাৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ''কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিছে অংকিতা দত্তই। সেই উত্তৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থই যি মন্তব্য কৰিছে সেয়া কংগ্ৰেছৰ সিদ্ধান্ত নহয় যাৰ বাবে তেওঁ জবাবদিহী হ'ব''।

উল্লেখ্য যে, কিছুদিন পূৰ্বেই অংকিতা দত্তই নেছনেল ইউথ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। দত্তই কৈছিল যে প্ৰায় ৬ মাহ ধৰি নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে দত্তই।

আনকি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল অংকিতা দত্তই। তাৰ পাছতেই  ড০ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। সভাপতিয়ে দায়িত্ব লোৱাৰ পিছতো আৰক্ষীৰ কাষ চাপিছিল অংকিতা। যাৰ বাবে অতি কম সময়ৰ ভিতৰতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল কংগ্ৰেছে। তাৰ পাছতে আজি জনাই যে কংগ্ৰেছে তেওঁৰ উত্তৰ দিছে আৰু কংগ্ৰেছে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

Also Read: গোধৰা কাণ্ড! ৫৯ জনৰ প্ৰাণ লোৱা ৮ জন দোষীৰ জামিন মঞ্জুৰ উচ্চতম ন্যয়ালয়ৰ

ankita dutta congress