সাহিত্য সভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থাঃ বহুতৰে যাব চাকৰি...

সাহিত্য সভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থাঃ বহুতৰে যাব চাকৰি...
সাহিত্য সভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থাঃ বহুতৰে যাব চাকৰি...

ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজেৰে চলি আছে অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশন। অধিৱেশনৰ লগত সমান্তৰালকৈ অনুষ্ঠিত হৈছে প্ৰতিনিধি সভাও। এই প্ৰতিনিধি সভাতেই অসম সাহিত্য সভাই গ্ৰহণ কৰিছে মুঠ ১১ টা প্ৰস্তাৱ। সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ শৰ্মাই এক সংবাদ বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰিছে।

প্ৰস্তাৱ নং-১

প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ যিসকল বৰেণ্য লোক পৰলোকগামী হ’ল তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্‌গতি অৰ্থে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনায়৷

প্ৰস্তাৱ নং-২

প্ৰতিনিধি সভাই অসমত ১৯৬০ চনৰ ৰাজ্যভাষা আইন সৰ্বত্ৰে যথোচিত ৰূপায়ণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

প্ৰস্তাৱ নং-৩

প্ৰতিনিধি সভাই প্ৰধান সম্পাদক শ্ৰীযাদব চন্দ্ৰ শৰ্মাই ২০২০-২৩ বৰ্ষৰ তিনিটা বছৰৰ পাঠ কৰি দাখিল কৰা সম্পূৰ্ণ প্ৰতিবেদন পুংখানুপুংখভাৱে আলোচনা কৰি সৰ্বসন্মতক্ৰমে গৃহীত কৰে৷

প্ৰস্তাৱ নং- ৪

আজিৰ প্ৰতিনিধি সভাই ধনভঁড়ালীয়ে দাখিল কৰা বিত্তীয় প্ৰতিবেদন পুংখানুপুংখভাৱে আলোচনা কৰি কিছু ত্ৰুটি-বিচ্যুতিৰ সংশোধনীৰ পাছত গ্ৰহণ কৰে, পৰৱৰ্তী সময়ত হিচাপ পৰীক্ষণৰ টোকা সংলগ্ন কৰি প্ৰতিবেদনখনি পূৰ্ণাংগৰূপত সভাৰ পৰৱৰ্তী ন-পুৰণি যুটীয়া বৈঠকত জমা দিব৷

প্ৰস্তাৱ নং-৫

প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে বিগত সময়ত কৰা আন্দোলনৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰি আন্দোলনৰ সময়ছোৱাত কৰ্মচাৰীসকলে সভাৰ মাননীয় সভাপতি, মাননীয় প্ৰধান সম্পাদক, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদককে আদি কৰি সভাৰ বিষয়বীয়াসকলক অশালীন-অসংবিধানিক শব্দৰ প্ৰয়োগেৰে অপদস্থ কৰা আৰু সভাৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি সভাৰ অন্যান্য কাৰ্যালয়সমূহত তলা লগাই নিয়মিত কাম-কাজ বন্ধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

প্ৰথমতে দোষী কৰ্মচাৰীসকললৈ প্ৰধান সম্পাদকে আজিৰ পৰা ৬দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব আৰু জাননী পত্ৰ প্ৰেৰণ কৰাৰ ৭ দিনৰ ভিতৰত সন্তোষজনক উত্তৰ নিদিলে দৰমহা কৰ্তনকে ধৰি আন অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাব গ্ৰহণ কৰা হয়৷

কৰ্মচাৰীৰ আচৰণ বিধি আৰু অনুশাসন অধিনিয়ম সংশোধন কৰি ইতিমধ্যে শ্ৰীঅবনীমোহন চহৰীয়াক আহ্বায়ক হিচাপে গঠন কৰি দিয়া উপ-সমিতিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

প্ৰস্তাৱ নং-৬

প্ৰতিনিধি সভাই বৰ্তমানৰ সভাৰ আৰ্থিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত-অলাগতীয়াল কৰ্মচাৰীক অসম সাহিত্য সভাৰ পৰা অব্যাহতি দিয়াৰ বাবে প্ৰস্তাব গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত সভাৰ সভাপতি-উপ-সভাপতি আৰু প্ৰধান সম্পাদকক কতৃৰ্ত্ব প্ৰদান কৰে৷

প্ৰস্তাৱ নং-৭

প্ৰতিনিধি সভাই অহা ৩ ফেব্ৰুৱাৰী আৰু ৪ ফেব্ৰুৱাৰী দিনকেইটা স্থানীয় বন্ধ ঘোষণা কৰিবলৈ লক্ষীমপুৰ জিলা উপায়ুক্তক অনুৰোধ জনায় এক প্ৰস্তাব গ্ৰহণ কৰে৷

প্ৰস্তাৱ নং-৮

প্ৰতিনিধি সভাই উত্তৰ-পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ এক আহ্বান অনুসৰি শোণিতপুৰ জিলাৰ মিলনপুৰত স্থাপন কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিকৃত প্ৰতিমূৰ্তিটো সলনি কৰি সৰ্বজন গ্ৰহণযোগ্য এটি প্ৰতিমূৰ্তি স্থাপন কৰাৰ উদ্যোগ গ্ৰহণ কৰিবৰ বাবে প্ৰধান সম্পাদকক কৰ্তৃত্ব প্ৰদান কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে৷

প্ৰস্তাৱ নং-৯

প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ লগতে পূৰ্বৰ সমিতিসমূহৰ কাৰ্যকালৰ সময়ছোৱাত অনুষ্ঠিত অধিৱেশন, প্ৰতিষ্ঠা দিৱস আদি সকলো কেন্দ্ৰীয় কাৰ্যসূচীৰ হিচাপ শীঘ্ৰেই দাখিল কৰিবলৈ সংশ্লিষ্ট সকলো আদৰণী সমিতিৰ প্ৰতি আহ্বান জনায়৷ এই আহ্বানৰ প্ৰতি কোনো আদৰণী সমিতিয়ে যথাযোগ্য সন্মান প্ৰদৰ্শন নকৰিলে তেন্তে তেনে সমিতৰ মূল পদবীধাৰীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷

প্ৰস্তাৱ নং-১০

প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ পৰিৱৰ্তি ২০২৫ বৰ্ষৰ পূৰ্ণাংগ অধিৱেশনখন পাঠশালা শাখা সাহিত্য সভাৰ আহ্বান মৰ্মে পাঠশালাত অনুষ্ঠিত কৰিবৰ বাবে অনুমতি দি প্ৰস্তাৱ গ্ৰহণ কৰে৷

প্ৰস্তাৱ নং-১১

প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ বিগত শুৱালকুছি অধিৱেশনৰ ২০২০ বৰ্ষৰ এক ফেব্ৰুৱাৰীৰ প্ৰতিনিধি সভাত গৃহীত আৰু ২০২২ বৰ্ষৰ ২ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাত সংবিধান সংশোধনী সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অতিশীঘ্ৰেই ছপা কৰি বিতৰণ কৰিবলৈ সৰ্বসন্মতক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাই সংবিধান সংশোধনী সমিতিয়ে সভাৰ বিভিন্ন জিলা সভা-শাখা সভা আৰু বিজ্ঞ-অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ অনুসাৰে উপস্থাপন কৰা সভাৰ সভাপতি নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তাৱটি সংবিধানত অন্তৰ্ভুক্ত কৰি ছপা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে৷

এই সংশোধিত সংবিধানৰ বিধিসমূহ আজি ১ ফেব্ৰুৱাৰী ২০২৩ ৰ পৰা কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷

সাহিত্য সভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থাঃ বহুতৰে যাব চাকৰি...
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in