শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ সভা...

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ সভা...
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ সভা...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বৃহস্পতিবাৰে বটদ্ৰৱা অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু সমস্যাসমূহৰ সমাধানৰ পথ বাচি উলিওৱা বিষয়ে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে সমাজকৰ্মী, শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা উদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া অতুল মহন্তই গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত পকী দেৱালৰ প্ৰয়োজনীয়তা, বটদ্ৰৱা আলিপুখুৰী শাখা সহিত্য সভাৰ নিজা ভূমি আৰু কাৰ্যলয় নথকা, ২০১৪ চনতে নিৰ্মান সম্পূৰ্ণ কৰা বটদ্ৰৱাৰ ১০ খন বিচনাযুক্ত চিকিৎসালয় অদ্যাপি মুকলি নকৰাৰ বিষয়ে বিতং বাখ্যা আগবঢ়ায়।

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁ‌ত ধৰা আলোচনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়িকা শিৱামনি বৰা। ইন্দ্ৰমোহন বৰুৱাই তেওঁৰ ভাষণত অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে বাখ্যা আগবঢ়োৱাৰ লগতে অসম নাট্য সন্মিলনীৰ, বটদ্ৰৱা চিহ্ন যাত্ৰা শাখাৰ বাবে ভূমি আবণ্টন আৰু বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ চৌহদত মাটি ভৰোৱাৰ বাবে দিয়া আবেদনসহ তিনিখন স্মাৰক পত্ৰ বিধায়িকাৰ হাতত অৰ্পণ কৰে।

ইফালে ভেটিয়নি গাঁ‌ৱৰ ৰাইজৰ তৰফৰ পৰা ভেটিয়নি পুৰণি নামঘৰ মেৰামতিৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন বিধায়িকাৰ হাতত অৰ্পণ কৰে। আলোচনা সভাত সমাজকৰ্মী দিলীপ দেৱ গোস্বামীয়ে অঞ্চলৰ উক্ত সমস্যাসমূহ সমাধানত বিধায়িকা মহোদয়াই গুৰুত্ব প্ৰদান কৰি অগ্ৰাধিকাৰ ভিত্তিত সমাধা কৰিব বুলি আশা প্ৰকাশ কৰে।

প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি যোগেন শইকীয়াই নগাওঁ ধিং গড়কাপ্তানি পথৰ বটদ্ৰৱা পুৰণি বাছ আস্থানৰ ওচৰত এটা কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়িকাক অনুৰোধ জনায়। বিধায়িকাগৰাকীয়ে তেওঁৰ ভাষণত কয় যে, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ এই সমস্যাসমূহৰ বিষয়ে পূৰ্বে অৱগত নাছিল চৌহদৰ পকী দেৱালৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব উপলব্ধি কৰি তেখেতে পৰ্য্যায়ক্ৰমে তেখেতৰ কাৰ্য-কালৰ ভিতৰত দেৱাল নিৰ্মানৰ কাম সম্পূৰ্ণ কৰাৰ আস্বাস প্ৰদান কৰে।

চিকিৎসালয়খনৰ কাম আৰম্ভ কৰাৰ প্ৰসংগত কয় যে, এই বিষয়ে তেওঁ যোৱা বিধান সভাৰ মজিয়াত বিষয়টো উস্থাপণ কৰাই নহয় স্বাস্থ্য মন্ত্ৰীৰ লগত ব্যক্তিগত ভাৱে আলোচনাতো মিলিত হৈছিল। প্ৰয়োজন হ'লে আগন্তুক বিধান সভাৰ অধিৱেশনত বিষয়টো পুনৰ উস্থাপন কৰিব।

যিকোনো প্ৰকাৰে চিকিৎসালয়খন অতি সোনকালে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আলিপুখুৰী শাখা সাহিত্য সভা আৰু নাট্য সন্মিলনৰ চিহ্ন যাত্ৰা শাখাৰ নামত ভূমি আবণ্টনৰ তৎকালীন ভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ধিং ৰাজহ চক্ৰ বিষয়ালৈ লিখিত নিৰ্দেশনা দিয়ে।

ইতিমধ্যে বটদ্ৰৱা থানৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ বাবে এক কোটি টকাৰ অনুদান আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি বিধায়িকাগৰাকীয়ে কয় যে, ৰাইজে সহায় সহযোগিতা আগবাঢ়লে তেওঁ অঞ্চলটিৰ সকলো সমস্যা সমাধানৰ প্ৰচেষ্টা চলাই যাব। সভাত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ জয়ন্ত বৰুৱা, অনুজ বৰুৱাৰ লগতে শিক্ষক জয়ন্ত হাজৰিকা, শিল্পী উপেন শইকীয়া, অজিত বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বিভিন্ন সমস্যাক লৈ গুৰুত্বপূৰ্ণ সভা...
হাজোত পথ মেৰামতিৰ নামত সাংসদ পুঁজিৰ ব্যাপক লুণ্ঠন ! চি এম ভিজিলেন্সৰ তদন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in