/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/09/asom-sahitya-sabha-face-2-sept.jpg)
অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন সমাগত, ১৫ ডিচেম্বৰত লাইখুটা স্থাপন
ডিজিটেল সংবাদ,বেবেজীয়া: অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিবেশন মৰিগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হ'ব। পাঁচো ৰজা সমন্বয় ক্ষেত্ৰত অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া এই অধিবেশত ৩ ফেব্ৰুৱাৰীলৈ চলিব।
ইতিমধ্যে নগাঁও,মৰিগাঁও,হোজাই জিলাৰ একত্ৰ প্ৰচেষ্টাত অধিবেশনখন সফল কৰি তুলিবলৈ ৰাইজে উঠি পৰি লাগিছে। বিভিন্ন বিভাগৰ ৩৫ খন উপসমিতিৰ লগতে নিকটৱৰ্তী গাঁৱত সেৱা বাহিনীৰ সদস্য-সদস্যাসকলে অধিবেশন সম্পৰ্কীয় কাম কাজ চলাই আছে।
প্ৰতিনিধিক আদৰণী জনোৱাৰ বাবে শিপিনী সকলে গাঁৱে গাঁৱে জাতীয় স্বাভিমান গামোচা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। অধিবেশনৰ দিন চমু চাপি অহাৰ লগে লগে সমিতি সমূহৰ তৎপৰতা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে।
যোৱা ৩ ডিচেম্বৰত অস্থায়ী কাৰ্যালয়ত কৰ্ণধাৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাপতি হেমন্ত কুমাৰ দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উদেশ্যে ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাই, কাৰ্যকৰী সভাপতি ডঃ বিৰিঞ্চি কুমাৰ শৰ্মাই উপসমিতিৰ অগ্ৰগতি সম্পৰ্কে কৰ্ণধাৰ সমিতিত অৱগত কৰে। উক্ত সভাত সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।
বিশেষকৈ অধিবেশন খনিৰ লাইখুটা স্থাপন মাঙ্গলিক অনুষ্ঠান ভাগ অহা ১৫ ডিচেম্বৰ ২০২৩ তাৰিখ শুক্ৰবাৰে পুৱা ১১-০০ বজাত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উক্ত লাইখুটা স্থাপন অনুষ্ঠানটিত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আদৰণী সমিতিৰ লগতে সাহিত্য সভাৰ বিষয় ববীয়াই। আনহাতে অধিবেশনত প্ৰয়োজনীয় মঞ্চ, মণ্ডপ, পোহৰ, শব্দ আদিৰ বাবে উপযুক্ত অভিজ্ঞতা সম্প্ন্ন ব্যক্তি প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে কৰ্ণধাৰ সমিতিত।